গুৱাহাটী-উত্তৰ গুৱাহাটী পাৰঘাটৰ জল পৰিবহণ বিভাগৰ বিষয়াক নদীযাত্ৰীৰ সম্বৰ্ধনা

ferry

গুৱাহাটী-উত্তৰ গুৱাহাটী  জল যাতায়তৰ যাত্ৰী আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মাজৰ সমন্বয়ক  নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যৰে নদীযাত্ৰীসকলৰ তৰফৰ পৰা দুটা বিভিন্ন অনুষ্ঠানত জল পৰিবহণ বিভাগৰ কেইবাগৰাকী বিষয়াক   বিহুৰ ওলগ জনোৱাৰ লগতে সম্বৰ্ধনা জনোৱা হয়।যুটীয়া সঞ্চালক তথা ভাৰপ্রাপ্ত কার্যবাহী অভিযন্তা মুছফিকুৰ ৰহমান,সহযোগী কার্যবাহী অভিযন্তা দীপক চন্দ্ৰ চৌধুৰী,গুৱাহাটী-উত্তৰ গুৱাহাটী পাৰঘাটৰ শাখা বিষয়া আৰিফ মহম্মদ,মধ্যমখণ্ড পাৰঘাটৰ শাখা বিষয়া মলিন হালৈ,ৰজাদুৱাৰ পাৰঘাটৰ শাখা বিষয়া মুকুল চন্দ্ৰ দাসক সম্বৰ্ধনা জনোৱা হয়। 
    

অশোক দত্তই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰি বিভাগটোৰ বৰ্তমানৰ কাম-কাজৰ শলাগ লোৱাৰ লগতে এই ধাৰা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। 

ferry

লগতে আন এজন বক্তা পাৰ্থপ্ৰতিম বৰকাকতীয়ে বিভাগৰ কৰ্মচাৰী আৰু যাত্ৰীৰ মাজৰ সদভাব আগতকৈ যথেষ্ট উন্নত হোৱাত সুখ প্ৰকাশ কৰে।বিভাগৰ কৰ্মচাৰীসকলক নিঃস্বাৰ্থভাৱে ৰাইজৰ সেৱাত নিজকে নিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়।আনহাতে,প্ৰয়োজনত ৰাইজে যিকোনো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে। 


মঙলবাৰৰ এই সভাতেই ৰাতিৰ খেপ বৃদ্ধি সন্দৰ্ভত পূৰ্বৰ দাবী অনুযায়ী হ'ব লগীয়া কাম-কাজসমূহৰ আলোচনা কৰা হয়।

Your Comments