১২ মে'ত তেজপুৰত  প্ৰীতি  ফুটবলৰ  আয়োজন

football

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

ভূটানৰ গিল্প'চিং কলেজ অফ্ ইনফৰমেশ্যন টেকন'লজি আৰু তেজপুৰ মহাবিদ্যালয়ৰ মাজত অহা
১২ মে'ত তেজপুৰত এখনি প্ৰীতি ফুটবলৰ  আয়োজন কৰা হৈছে । তেজপুৰ পল'ফিল্ডস্থিত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত  খেলখন বিয়লি ২-৩০ বজাত আৰম্ভ হ'ব । উল্লেখযোগ্য যে ১৮ মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ত ভূটানৰ  উক্ত শিক্ষানুষ্ঠানখন আৰু তেজপুৰ  মহাবিদ্যালয়ৰ  মাজত এক  আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ চুক্তি সম্পাদিত হৈছিল ।

উক্ত চুক্তিত তেজপুৰ মহাবিদ্যালয়ৰ হৈ  অধ্যক্ষ ডঃ জ্যোতিকমল হাজৰিকা আৰু  গিল্প'চিং কলেজ অফ্ ইনফৰমেশ্যন টেকন'লজিৰ হৈ  অধ্যক্ষ লাটো জাম্বাই  স্বাক্ষৰ কৰিছিল  আৰু  অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকা,পঞ্জীয়ক আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ মানৱ সম্পদ উন্নয়ন কেন্দ্ৰৰ সঞ্চালক উপস্থিত আছিল ।

উক্ত বুজাবুজি চুক্তি অনুসৰি দুয়োখন শিক্ষানুষ্ঠানে আগন্তুক সময়ত শিক্ষা,ক্ৰীড়া,সাংস্কৃতিক তথা অন্যান্য বিষয়ত পৰস্পৰ সহযোগিতাৰে  আগবাঢ়ি যোৱাৰ বাবে সন্মতি প্ৰকাশ কৰে । উল্লেখ যে এই প্ৰীতি ফুটবল খেলখন গুৱাহাটী বিশ্ববিদ্যালয় আৰু  তেজপুৰ ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হ'ব ।

Your Comments