৭ বছৰ পাৰ হ'ল:গদাপাণি পাঠকৰ হত্যাকাৰীয়ে শাস্তি পাবনে ?

gadapani

নিউজ ডেস্ক :

৭ বছৰে ন্যায়ৰ বাবে অপেক্ষা এটা পৰিয়ালৰ। ৭ বছৰে নাপালে কোনো ন্যায়। চিবিআইৰ তদন্তৰ পিছতো ওলোৱা নাই কোনো শুংসূত্ৰ। 
     

২০১২ চনৰ ৩ মে'  তাৰিখে  হত্যা কৰা হৈছিল অভিযন্তা গদাপাণি পাঠকক। কিন্তু পৰিতাপৰ বিষয় যে আজি পৰ্যন্ত অভিযন্তা গদাপাণি পাঠকৰ পৰিয়ালবৰ্গই নাপালে কোনো ন্যায়। 
     
চিআইডি, চিবিআই, মুখ্য ন্যায়াধীশৰ কাষ চপাৰ পিছতো শাস্তি নাপালে হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীয়ে। মাত্ৰ এদিন  তদন্ত কৰিয়েই কৰ্তব্য  সামৰিলে চিবিআইয়ে। 
      
সৈনিক স্কুল,গোৱালপাৰাৰ প্ৰাক্তন ছাত্ৰ সংগঠনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰয়াত গদাপাণি পাঠকৰ সপ্তম মৃত্যু বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে এখন স্মৃতিচাৰণ সভা তথা সংবাদমেলৰ আয়োজন কৰা হৈছিল। 
     

স্মৃতিচাৰণ সভাখনত প্ৰয়াত গদাপাণি পাঠকৰ পত্নী  স্বৰ্ণালী পাঠকে চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি কয় যে  যিজন গদাপাণি পাঠকে চাকৰি জীৱনত কোনো দিন কামক অৱহেলা কৰা নাছিল , সেইজন গদাপাণি পাঠকৰ হত্যাকাৰীক ৭ বছৰে চৰকাৰে  আটক কৰিব পৰা নাই কিয়?
   

আনহাতে সংবাদমেলখনত সৈনিক স্কুল,গোৱালপাৰাৰ প্ৰাক্তন ছাত্ৰ সংগঠনৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে আনোৱাৰ হুছেইন শইকীয়া আৰু দিগন্ত গগৈয়ে প্ৰয়াত গদাপাণি পাঠকৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰি  শীঘ্ৰে ন্যায় পাবলৈ গোচৰটোক ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ আওতালৈ আনিবলৈ চৰকাৰক দাবী জনায়। 
      

কিন্তু  ইয়াৰ পিছতো ন্যায় পাবনে অভিযন্তা গদাপাণি পাঠকৰ পৰিয়ালে। মুকলি আকাশৰ তলতে ঘূৰি ফুৰিব নেকি অভিযন্তাগৰাকীৰ হত্যাকাৰীয়ে?নে বিগত ৭ বছৰৰ দৰে আগলৈও কেৱল কেচ ডায়েৰীৰ মাজতে আবদ্ধ হৈ ৰ'ব প্ৰয়াত গদাপাণি পাঠকৰ পৰিয়ালৰ আশা ?সেয়া যেন এতিয়া লাখটকীয়া প্ৰশ্ন।

Your Comments