অসমলৈও আহি আছে ফানীৰ  কোবাল  ধুমুহা আৰু বৃষ্টিপাত

fani

নিউজ ডেস্ক :
অসমত 'ফানী'ৰ বাবে বিশেষ সতৰ্কবাণী।বৰঝাৰস্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দুটা পৰ্যায়ত জাৰি কৰিছে সতৰ্কবাণী।ইয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বাতিল হৈছে গুৱাহাটীৰ পৰা কলকাতালৈ যাত্ৰা কৰিব লগা বিমানসেৱা।ঠিক একেদৰে ব্ৰহ্মপুত্ৰত চলাচলত কৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা যিকোনো সময়ত বাতিল কৰা হ'ব পাৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাননি জাৰি কৰিছে। আনহাতে, ডিমা হাছাও জিলা প্ৰশাসনে   ফানীৰ প্ৰতি লক্ষ্য ৰাখি সমগ্র ডিমাহাছাওত আগন্তক ৭২ ঘণ্টাৰ বাবে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে।জিলাখনত গধুৰ যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে প্ৰশাসনে।fani2


ফানীৰ প্ৰভাৱ অসমৰ ক'ত ক'ত পৰাৰ সম্ভাৱনা আছে, সেই সন্দৰ্ভত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰটোৱে দুটা পৰ্যায়ত জাৰি কৰিছে বিশেষ সতৰ্কবাণী।কেন্দ্ৰটোৰ সতৰ্কবাণী অনুসৰি অসমত মূলত: শনিবাৰ আৰু দেওবাৰে পৰিব ফানীৰ প্ৰভাৱ। উক্ত দিন দুটাত অসমত প্ৰৱল বৃষ্টিপাত আৰু ধুমুহা হোৱাৰ সম্ভাৱনা আছে।fani5

উল্লেখ্য যে শনিবাৰে ধুবুৰী,কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং,বৰপেটা, কামৰূপ,দক্ষিণ শালমৰা, বাক্সা জিলা  আদিত প্ৰৱল বৃষ্টিপাত হ'ব। উক্ত ঠাইকেইখনক বতৰ বিজ্ঞান কেন্দ্ৰটোৱে সুমথিৰা ৰঙৰ জৰিয়তে চিনাক্ত কৰিছে।আনহাতে,নলবাৰী,কামৰূপ(ম), দৰং,মৰিগাঁও, শোণিতপুৰ,কাছাৰ আৰু কৰিমগঞ্জত হালধীয়া চিহ্নৰ জৰিয়তে অতিপাত বৃষ্টি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে বঙাইগাঁও,চিৰাং,বৰপেটা,নলবাৰী,বাক্সা,শোণিতপুৰ, ওদালগুড়ি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাত হোৱাৰ আশংকা ব্যক্ত কৰিছে। একেদৰে ধুবুৰী, কামৰূপ,গোৱালপাৰা, নগাঁও, হোজাই, কাৰ্বি আংলং,যোৰহাট মাজুলী, লখিমপুৰ, ধেমাজি,ডিব্ৰুগড় জিলাত কমলা ৰঙৰ চিহ্নৰ জৰিয়তে বৃষ্টিপাতৰ আশংকা কথা ব্যক্ত কৰিছে কেন্দ্ৰটোৱে।

Your Comments