সাংবাদিকৰ সুৰক্ষাৰ বাবে বিশেষ আইন প্ৰণয়নৰ প্ৰয়োজন:হৰেকৃষ্ণ ডেকা

nagorik

বিজেপিয়ে সৈন্য বাহিনীক এইবাৰৰ নিৰ্বাচনত প্ৰচাৰৰ মূল বিষয় কৰি লৈছে। সাংবাদিকৰ বাবে লাগে বিশেষ আইন।বৰ্তমান সময়ত বাজেট ঘোষণা কৰাৰ অধিকাৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজৰ এখন সংবাদমেলত এইদৰে কয়  সমাজৰ সভাপতি হৰেকৃষ্ণ ডেকাই। 
    


 সংবাদমেলখনত হৰেকৃষ্ণ ডেকাই কয় যে সাংবাদিকসকলে ৰ'দ- বৰষুণক নেওচি নিজৰ কৰ্তব্যসমূহ কৰে। কিন্তু তাৰ পিছতো তেওঁলোকক আক্ৰমণ কৰা দেখা গৈছে। সেয়েহে সাংবাদিকসকলৰ সুৰক্ষাৰ কাৰণে এখন বিশেষ আইন প্ৰণয়ন কৰিব লাগে।এইটো অসম নাগৰিক সমাজৰ দাবী বুলিও ডেকাই মন্তব্য কৰে। 
        


তেওঁ লগতে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য নিৰ্বাচনী প্ৰচাৰক আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত নৰেন্দ্ৰ মোডীয়ে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত সৈন্য বাহিনীৰ নাম লৈ ৰাইজৰ পৰা ভোট বিচাৰিছে। সৈন্য বাহিনীৰ নাম উল্লেখেই নহয়, এইবাৰ বিজেপিয়ে সৈন্য বাহিনীক নিৰ্বাচনৰ প্ৰচাৰৰ মূল বিষয় কৰি লৈছে। 
      


সৈন্য বাহিনীক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰাটো অতি বিপদজনক,তাৰ বাবে সৈন্য বাহিনীৰ প্ৰাক্তন মুৰব্বী আৰু উচ্চ পদবীধাৰী কেইবাজনেও ইতিমধ্যে ৰাষ্ট্ৰপতিৰ ওচৰত আপত্তি দৰ্শাইছে।যদিও নিৰ্বাচনী আয়োগে এই বিষয়ত পৰামৰ্শ আগবঢ়াইয়ে তেওঁলোকৰ কৰ্তব্য সমৰিছে বুলিও সভাপতি হৰেকৃষ্ণ ডেকাই জানিবলৈ দিয়ে। 
     

আনহাতে,বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে  নৰেন্দ্ৰ মোডী বৰ্তমান পূৰ্ণাংগ পৰ্যায়ৰ প্ৰধানমন্ত্ৰী নহয়। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত ভোটদান কৰাৰ পিছতো ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰৰ ভিত্তিত চৰকাৰৰ সকলো বিভাগৰ মুৰব্বীলৈ ১০০ দিনৰ কৰ্ম আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াটো সাংবিধানিক গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী। 
      

নিৰ্বাচনত নিৰ্বাচিত নোহোৱাকৈ দেশত নিৰ্বাচনকালীন প্ৰধানমন্ত্ৰী এজনে কি যুক্তিত এনে নাভূত- নাশ্ৰুত নিৰ্দেশ জাৰি কৰে? এই ক্ষেত্ৰত নিৰ্বাচন আয়োগ কেনেকৈ মৌন হৈ থাকিব পাৰে বুলিও প্ৰশান্ত ৰাজগুৰুয়ে প্ৰশ্ন কৰে। 
     
   

৫ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈকে ২০ দিনৰ ভিতৰত নৰেন্দ্ৰ মোডীয়ে মুঠ ৪০ টাকৈ নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ নিৰ্বাচন আয়োগক দিয়া হৈছে।এই অভিযোগ দিয়াৰ পিছতো নিৰ্বাচন আয়োগে পুলৱামাৰ  ছহিদ আৰু   সৈনিকক লৈ নৰেন্দ্ৰ মোডীয়ে মিছা কোৱা নাই বুলি ৰায় দিয়ে বুলিও নিৰ্বাচনী আয়োগৰ ওপৰত অভিযোগ কৰে প্ৰশান্ত ৰাজগুৰুয়ে।

Your Comments