তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
যোৱা নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ গয়বাৰীত এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ধ্বংস কৰে। লগতে বাৰীৰ তামোল,মালভোগ কলৰ বাগানৰ যথেষ্ট ক্ষতি কৰে৷ বন্যহস্তীৰ তাণ্ডৱৰ বাবে গৃহহীন হৈ পৰে কেইবাটাও পৰিয়াল৷
হাতীৰ আক্ৰমণত বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী আহত হয়।লগতে কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাগৰাকী মহিলা,শিশু আৰু অসুস্থ লোকৰ ৷ প্ৰতিকূল বতৰৰ মাজতে নিশা প্ৰকাণ্ড হাতীটোৱে গাওঁখনত উপদ্ৰৱ চলাই আতংকৰ সৃষ্টি কৰে।
হাতীৰ উপদ্ৰৱৰ খবৰ পোৱাৰ পিচতেই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বতাহ-বৰষুণৰ মাজতে আহত মাধৱ চেত্ৰীক উদ্ধাৰ কৰে।তেওঁক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনি চিকিৎসা প্ৰদান কৰা হয়।মাধৱৰ ছেত্ৰীৰ ভৰিত আঠোটাকৈ চিলাই পৰাৰ লগতে শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত হয়।
উল্লেখ্য যে জাকৰ পৰা ফালৰি কাটি ফুৰা 'লাডেন' নামৰ প্ৰকাণ্ড বন্যহস্তীটোৱে বিগত বহুদিন ধৰি সীমান্তৱৰ্তী অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে৷হাতীৰ আক্ৰমণত আতংকিত হৈ বিনিদ্ৰ ৰজনী কটোৱা বৃহত্তৰ অঞ্চলবাসীয়ে চৰকাৰ তথা বন বিভাগৰ লোকক হাতীটোৰ লগতে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৷
- Log in to post comments
- 15 views