নিউজ ডেস্ক :
অসম গণ পৰিষদ দলটো বৰ্তমান কেইজনমান মুষ্টিমেয় মানুহৰ ক্লাবত পৰিণত কৰিছে। মোক সম্পূৰ্ণ অস্পষ্ট আৰু মনেসজা অভিযোগত দলৰ পৰা বহিষ্কৃত কৰা হৈছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰি এইদৰে মন্তব্য কৰে অসম যুৱ পৰিষদৰ যুৱ ছাত্ৰ কল্যাণ সমিতিৰ সম্পাদক ভাস্কৰজ্যোতি দাসে।
অনুশাসনমূলক ব্যৱস্থাৰ নামত অসম গণ পৰিষদৰ প্ৰাথমিক সদস্যৰ পৰা যোৱা ৩০ এপ্ৰিল তাৰিখে অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণে হোৱাটছ এপযোগে এখন পত্ৰ প্ৰেৰণ কৰি তেওঁক দলৰ পৰা বহিষ্কৃত কৰা হৈছে বুলি জানিবলৈ দিয়ে।সংবাদমেলখনত ভাস্কৰজ্যোতি দাসে কয় যে ' দলৰ নীতি-নিয়ম আৰু শৃংখলা ভংগ কৰি'কোনো 'সামাজিক মাধ্যমত বক্তব্য দি থকা'ৰ মোৰ ওপৰত যি অভিযোগ আনিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন।
উত্থাপন কৰা অভিযোগ সম্পৰ্কে কোনো কথাই স্পষ্টকৈ নজনোৱাকৈ হঠাৎ এনে চৰম অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আঁৰত অন্য ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে বুলিও দাসে মন্তব্য কৰে।
তেওঁ লগতে কয় যে জাতিধ্বংসী বিধেয়কখনক সমৰ্থন কৰা দল এটাৰ সৈতে অসম গণ পৰিষদৰ মিত্ৰতা হোৱাটো ভাল কথা হোৱা নাই। অসম গণ পৰিষদৰ এগৰাকী সদস্য হিচাপে তথা এজন অসমীয়া যুৱক হিচাপে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি আছিলোঁ আৰু ভৱিষ্যতেও মাত মাতি যাম। সেয়েহে হয়তো দলৰ কিছু নেতাই বাটৰ কাঁইট বুলি ভাবি মোক বহিষ্কৃত কৰিছে।
সংবাদমেলখনত ভাস্কৰ জ্যোতি দাসে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাক প্ৰত্যাহ্বান জনাই কয় যে যদি দলৰ নীতি-নিয়ম, আইন-শৃংখলা ভংগ কৰাৰ অভিযোগৰ প্ৰমাণ দলৰ শীৰ্ষ নেতৃত্বই দিব পাৰে, তেনেহলে ৰাজনৈতিক ক্ষেত্ৰখন ত্যাগ কৰিব ।
- Log in to post comments
- 17 views