নাং কৃষ্টিপ্রিয়া গগৈ
গুৱাহাটী মহানগৰীৰ ৰাজপথত মঙলবাৰে বন্যহস্তীৰ বিচৰণত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।পুৱা ৫ বজাৰ পৰা হাতীটোৱে গণেশগুৰি,পাঞ্জাবাৰী,বৰবাৰী,শ্ৰীনগৰ এলেকাৰ ৰাজপথত বিচৰণ কৰে ।
মঙলবাৰে তিনিবাৰকৈ ট্ৰেংকুলাইজ কৰাৰ পিছতো হাতীটোক আবদ্ধ কৰিব পৰা নাছিল বন বিভাগৰ লোকে।অৱশেষত বুধবাৰে পুৱা ৫ বজাত বনৰীয়া হাতীটোক ৰাজ্যিক চিৰিয়াখানালৈ লৈ অনা হয়।পৰৱৰ্তী পৰ্যায়ত বন্যহস্তীটোক আমচাং বনাঞ্চলত এৰি দিব বন বিভাগে।
- Log in to post comments
- 6 views