'বৈচিত্ৰ‍্যময় অসম' পাঠ্যপুথিত একাধিক ভূমিপুত্ৰ জনগোষ্ঠীক উপেক্ষা কৰাৰ অভিযোগ

boicitramoi asom

নিউজ ডেস্ক :
অসম চৰকাৰৰ শিক্ষা বিভাগে উপেক্ষিত কৰিছে অসমৰ ভূমিপুত্ৰসকলক।নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰচলন কৰা পাঠ্যপুথিত নাই কৈৱৰ্ত্য, বণিয়া,হীৰা,সূত্ৰধৰ,মালী আৰু নম:শূদ্ৰৰ ইতিহাস। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এনেদৰে মন্তব্য কৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসে। boichitramoi asom2
     

সংবাদমেলখনত তেওঁ লগতে কয় যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক-ব্ৰহ্মপুত্ৰ,পাহাৰ-ভৈয়ামৰ সকলো বৰ্ণ,শ্ৰেণীৰ মানুহক সমমৰ্যাদা প্ৰদানৰ যি ভাষণ আওৰাই সেয়া কেৱল ৰাজনীতিহে। 
      

অসমৰ ভাষা,সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈ  উল্লেখনীয় অৱদান আগবঢ়াই অহা কৈৱৰ্ত্য,বণিয়া, হীৰা, সূত্ৰধৰ, মালী তথা অসমৰ ভূমিপুত্ৰসকলক নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰচলিত , অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত 'বৈচিত্ৰ‍্যময় অসম' নামৰ পাঠ্যপুথিখনত উপেক্ষা কৰা হৈছে। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এটা গুৰুত্বপূৰ্ণ বিভাগত মন্ত্ৰী হৈ থাকি অজ্ঞানতা আৰু অদূৰদৰ্শিতাৰ পৰিচয় দিছে বুলি দেৱ কুমাৰ দাসে উল্লেখ কৰে।লগতে কয় যে অসমৰ সমাজ-জীৱনৰ সন্দৰ্ভত যে শিক্ষামন্ত্ৰীৰ কোনো ধাৰণা নাই, সেই কথা এই  'বৈচিত্ৰ্যময় অসম' নামৰ কিতাপখনৰ পৰা প্ৰমাণিত হৈছে।ইয়াৰ বাবেই তেওঁ অতি শীঘ্ৰে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে বুলিও সাধাৰণ সম্পাদক দাসে মন্তব্য কৰে। 
    

তেওঁ লগতে কয় যে অসমীয়া সমাজখন কৈৱৰ্ত্য, নম:শূদ্ৰ , বণিয়া আদি জনগোষ্ঠীক বাদ দি গঠন হ'বই নোৱাৰে। এচাম বুদ্ধিজীৱীয়ে সভাই-সমিতিয়ে সকলো জাতিৰ নাম লয়, কিন্তু কৈৱৰ্ত্যসকলৰ নাম ক'বলৈ পাহৰি থাকে। 


দাসে কয়-'অসমৰ কৈৱৰ্ত্য, বণিয়াসকলক সঁচাকৈ যে কেৱল শোষণ আৰু বঞ্চনা কৰা  হৈছে,  এই কথা অতি স্পষ্ট  হৈ পৰিছে। চৰকাৰে অসমৰ সমাজ জীৱনৰ পৰা কৈৱৰ্ত্য,বণিয়া, হীৰা,মালী,নম:শূদ্ৰ আৰু সূত্ৰধৰসকলক মচি পেলোৱাৰ অপচেষ্টা কৰিছে।'চৰকাৰে জাতি নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে, তাৰ প্ৰতিবাদত বিষয়া-কৰ্মচাৰী,সাংস্কৃতিক কলা-কুশলী,ব্যৱসায়ী,বনুৱা,বিদ্যাৰ্থী সকলোকে নিজৰ নিজৰ ক্ষেত্ৰত ক'লা বেজ পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দাসে  আহ্বান জনায়।
    

লগতে অহা ১৫ মে'ত এটা বলিষ্ঠ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Your Comments