শীঘ্ৰেই কেবিনেট মন্ত্রী হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস !

ranjit das

নিউজ ডেস্ক :

অচিৰেই হয়তো নতুন ৰূপত দেখা যাব,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত  কুমাৰ দাসক।প্ৰথমতে বিধায়ক তাৰপিছত বিধানসভাৰ অধ্যক্ষ। অধ্যক্ষৰ পিছতেই প্ৰদেশ বিজেপিৰ সভাপতি আৰু তাৰ সমান্তৰালভাৱে হাউচ ফেডৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব  আৰু শেহতীয়াকৈ এইবাৰ হ'ব ওলাইছে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰী ! ranjit das2

আমাৰ হাতত পৰা শেহতীয়া এক খবৰ মতে বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ ঠিক পিছতেই ৰঞ্জিত দাসে লাভ কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব। হেঙেৰাবাৰীৰ এক সূত্ৰৰ মতে এইবাৰৰ লোকসভাৰ নিৰ্বাচনত অসমৰ তেজপুৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা অসম চৰকাৰৰ দুই কেবিনেট মন্ত্ৰী পল্লব লোচন দাস আৰু তপন কুমাৰ গগৈৰ জয় এশ শতাংশ নিশ্চিত বুলিয়েই বিজেপি শীৰ্ষ নেতৃত্বই আজিৰ তাৰিখত মনে প্ৰাণে বিশ্বাস কৰে।

গতিকে দুই কেবিনেট মন্ত্ৰীৰ নিশ্চিত দিল্লী যাত্ৰাৰ পিছতেই তেওঁলোকে খালি কৰি দিয়া অসম চৰকাৰৰ বিভাগ সমূহত কাক কাক স্থলাভিসিক্ত কৰিব তাক লৈ কি হেঙেৰাবাৰী কি দিছপুৰ  সকলোতে এতিয়া হেনো চলিছে ব্যাপক গুণা গাঁথা আৰু জল্পনা কল্পনা। সেই অনুসৰিয়েই মন্ত্ৰীত্ব লাভৰ একেবাৰে শীৰ্ষত আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস।উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দুবছৰীয়া কাৰ্যকালৰো ইতিমধ্যেই সমাপ্তি ঘটিছে দাসৰ।

জানিব পৰা মতে আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই সভাপতি ৰঞ্জিত দাসক কেবিনেট মন্ত্ৰীৰ দায়িত্ব দি বিজেপি দলে নামনি অসমত দলৰ ভেটি আৰু অধিক সুদৃঢ় কৰাৰ যত্ন কৰিছে। ইফালে ৰঞ্জিত দাসক মন্ত্ৰীত্ব দি ইয়াৰ সমান্তৰাল ভাৱে ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসন খনত সদ্য লোকসভা নিৰ্বাচনত টিকট বঞ্চিত  সাংসদ ৰমেন ডেকাক নাইবা কামাখ্যা প্ৰসাদ তাছাক বহুৱাই ডেকা নাইবা তাছা সহিতে দলটোৰ একাংশৰ ক্ষোভ প্ৰসমনৰো দিহা কৰি থকা বুলিও জানিব পৰা গৈছে।

যি নহলেও সৰ্বানন্দ সোনোৱালৰ তিনি বছৰীয়া মন্ত্ৰী সভাৰ কাৰ্যকালত বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসে এটাৰ পিছত এটাকৈ বিৰামহীনভাবে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰি অহা কথাটোয়ে দলটোৰ নেতৃত্বৰ ওচৰত দাসৰ গ্ৰহণযোগ্যতাকে প্ৰমাণিত কৰে বুলি দলটোৰ একাংশৰ মাজত এতিয়া ব্যাপক চৰ্চা চলাৰ বিপৰীত  আন একাংশই আকৌ দিছপুৰত শেহতীয়াকৈ সক্ৰিয় হৈ উঠা লবী কেন্দ্ৰীক ৰাজনীতিৰে এয়াও এক অংশ বুলিও ক'ব খোজে।

Your Comments