নিউজ ডেস্ক :
পুৰণি শৰাইঘাট দলংৰ মেৰামতিৰ কামৰ পৰ্যবেক্ষণৰ বাবে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হয় শৰাইঘাট দলঙত।দলঙত উপস্থিত হৈয়ে মেৰামতিৰ অগ্ৰগতি সম্পৰ্কত বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।মুখ্যমন্ত্ৰীয়ে ৰেল বিভাগক দলংখন ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ঠাইতে এক নিৰ্দেশো প্ৰদান কৰে।
জানিব পৰা মতে পৰ্যবেক্ষণ কালত দলংখনৰ মেৰামতিৰ কামৰ গতিক লৈ সন্তুষ্ট নহল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।তেওঁ দলং নিৰ্মাণৰ দায়িত্বত থকা ৰেল বিভাগক নির্দেশ প্ৰদান কৰি কয় ৰাইজৰ সুবিধাৰ বাবে দ্ৰুত গতিত দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ন কৰিব লাগে ।
মুখ্যমন্ত্ৰী গৰাকীৰ লগত উক্ত পৰ্যবেক্ষণ কালত উপস্থিত থাকে প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ো।
- Log in to post comments
- 5 views