'ফুলনি মানে বাগিচা,বাগিচা মানে ফুলনি' গীতত কঁকাল ভাঙি নাচিলে সাংবাদিকে

bihu

নাং কৃষ্টিপ্রিয়া গগৈ

দেওবাৰে দীঘলীপুখুৰীৰ পাৰত একত্ৰ সাংবাদিকৰ সংগঠন 'সমন্বয়'ৰ উদ্যোগত উদযাপন কৰা হ'ল সাংবাদিকৰ মুকলি বিহু । অনুষ্ঠানটোত বিহুৰ পতাকা উত্তোলন কৰাৰ পিছত সাংবাদিকৰ মুকলি বিহুৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰা হয়bihu2। 


অনুষ্ঠানটোত ঋষিকেশ গোস্বামী , অভিনেতা যতীন বৰা, পৱিত্ৰ মাৰ্ঘেৰিটা, কৌতুক অভিনেতা মন্মথ বৰুৱা, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্যামল শইকীয়াকে ধৰি বহুতো বিশিষ্ট লোক উপস্থিত থাকে। 
 জেং বিহু, বিহু হুঁচৰি , গীত আদিৰ লগতে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্যামল শইকীয়াই আৰু সাংবাদিকসকলেও গীত পৰিৱেশন কৰে। 'সমন্বয়'ৰ তৰফৰ পৰা এই বৰ্ষৰ 'সমন্বয়' বঁটা জি এল পাব্লিকেচনছলৈ আগবঢ়োৱা হয়। শেষত কৌতুক অভিনেতা মন্মথ বৰুৱাৰ 'ফুলনি মানে বাগিছা' গীতত সকলোৱে কঁকাল ভাঙি নাচে।

Your Comments