নিউজ ডেস্ক :
জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত চলিছে বিয়াগোম কেলেংকাৰী। জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত কংগ্ৰেছ চৰকাৰৰ দিনতকৈ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত কেলেংকাৰী অধিক বৃদ্ধি পাইছে । মন্ত্ৰী ৰিহন দৈমাৰীৰ আত্মীয় কেইজনমান ঠিকাদাৰৰ নেতৃত্বত চলিছে এই বিয়াগোম দুৰ্নীতি। এই অভিযোগ আনিছে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই। ৰবিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখনি সংবাদমেলৰ দ্বাৰা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিয়াগোম কেলেংকাৰীৰ তথ্য উদঙাই অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই।
সংবাদমেল খনত তেওঁ ৰিহন দৈমাৰীৰ ওপৰত অভিযোগ আনি কয় যে মন্ত্ৰী ৰিহন দৈমাৰীৰ আত্মীয় সুৰজিৎ সিনহা আৰু সুব্ৰত ভৌমিক নামৰ কেইজনমান ঠিকাদাৰৰ নেতৃত্বত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি। বিভাগটোত পাইপ ক্ৰয়, বিশুদ্ধ খোৱাপানী যোগান, শৌচালয় নিৰ্মাণৰ নামত চলিছে এই দুৰ্নীতি।
বিভাগটোৱে বিশুদ্ধ খোৱাপানীৰ যোগানৰ বাবে ব্যৱহাৰ কৰা পাইপ অতি নিম্নমানৰ । বিভাগটোত ঠিকাদাৰৰ লুণ্ঠনৰ স্বাৰ্থত খোৱাপানী যোগানৰ বাবে ক্ৰয় কৰে চেনিটেৰী পাইপ। যি পাইপৰ মাজেৰে বৈ যোৱা পানী বিষাক্ত হয়। অসমৰ ৰাইজৰ বাবে অতি পৰিতাপৰ বিষয় যে, জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ পানী যোগানৰ বাবে লেট্ৰিনত লগোৱা পাইপ ব্যৱহাৰ কৰিছে বুলিও জিতুল ডেকাই মন্তব্য কৰে। বজাৰত ৩০-৪০ টকাত পোৱা সামগ্ৰী সমূহ ৰিহন দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ক্ৰয় কৰিছে ৪০০-৫০০ টকাত।
আনহাতে বিভাগটোত উঠিৰজা আৰু বহিৰজা বি আৰ এণ্টাৰপ্ৰাইজ, গ্লোৰিয়া এণ্টাৰপ্ৰাইজ , এছ বি এণ্টাৰপ্ৰাইজ, সিনহা, ভৌমিক কোন বুলি প্ৰশ্ন কৰে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই।
মুখ্যমন্ত্ৰীক অনতি পলমে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিয়াগোম কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ অসমীয়া যুৱ মঞ্চই দাবী জনায়।
- Log in to post comments
- 19 views