২ মে'ত পুনৰ প্ৰতিষ্ঠা কৰা হ'ব উগ্রতাৰা দেৱালয়ৰ মূল বিগ্ৰহ

ugratara

নিউজ ডেস্ক :

পুনৰ প্ৰতিষ্ঠা কৰা হ'ব উগ্ৰতাৰা দেৱালয়ৰ অষ্টধাতুৰ মূৰ্তি। ইতিমধ্যে অষ্টধাতুৰ মূৰ্তিৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈ উঠিছে। কলিকতাৰ পৰা আহি পাইছে উগ্ৰতাৰা দেৱালয়ৰ অষ্টধাতুৰ মূৰ্তি। ২০১৬ চনৰ ১৬ নৱেম্বৰৰ পুৱা উগ্ৰতাৰা দেৱালয়ৰ অষ্টধাতুৰে নিৰ্মিত মূৰ্তি চুৰি হোৱাৰ পিছত খালি হৈ আছে উগ্ৰতাৰা দেৱালয়ৰ মূল বিগ্ৰহৰ  স্থান। সেয়েহে ২ মে তাৰিখে পুনৰ প্ৰতিষ্ঠা কৰা হ'ব উগ্ৰতাৰ দেৱালয়ৰ অষ্টধাতুৰে নিৰ্মিত মাৰ মূৰ্তি। শনিবাৰে এখন সংবাদমেল যোগে এই কথা সদৰী কৰে উগ্ৰতাৰা দেৱালয়ৰ বৰদেউৰী সমাজ আৰু পৰিচালনা সমিতিয়ে । ugratara2
      তেওঁলোকে কয় যে অহা ১ মে তাৰিখে সন্ধিয়া ৬.৩০ বজাৰ পৰা মাঙ্গোলিক কাম-কাজ সমূহ আৰম্ভ হ'ব আৰু ২ মে পুৱা ৯ বজাত ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি মাৰ মূৰ্তিক স্নান কৰাই মাক প্ৰতিষ্ঠা কৰা হ'ব । 
     প্ৰতিবছৰৰ ২ মে তাৰিখটো উগ্ৰতাৰা মহোৎসৱ হিচাপে উদযাপন কৰা হ'ব বুলিও তেওঁলোকে জানিবলৈ দিয়ে । 
        আনহাতে উগ্ৰতাৰা দেৱালয়ৰ মূল বিগ্ৰহ চুৰি হোৱাৰ পিছৰ পৰা এতিয়া লৈকে চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰাপত্তাৰক্ষীৰ কোনো ব্যৱস্থা লোৱা নহ'ল আৰু এইবাৰো যদি পুনৰ তদ্ৰুপ কাণ্ড সংঘটিত হয় তেনেহলে ইয়াৰ বাবে চৰকাৰ বা প্ৰশাসন দায়ী হ'ব বুলিও তেওঁলোকে জানিবলৈ দিয়ে। 
        উগ্ৰতাৰা দেৱালয়ৰ অষ্টধাতুৰে নিৰ্মিত মূল বিগ্ৰহ এইবাৰ ৰবীন বাৰ নামৰ এজন লোকে নিৰ্মান কৰি উলিয়াইছে। এই বিগ্ৰহত সোন , ৰূপ, তাম, লো, পাৰ , কাহ, পিতল আৰু দষ্টা ব্যৱহাৰ কৰা হৈছে। 
     উল্লেখযোগ্য যে  ২ মে অৰ্থাৎ নতুন  বিগ্ৰহ প্ৰতিষ্ঠা কৰিবৰ দিনা বুঢ়া মছজিদ , পানবজাৰৰ গুৰুদ্বাৰকে আদি কৰি সকলো সম্প্ৰদায়ৰ লোককে নিমন্ত্ৰণ দিয়া হৈছে।

Your Comments