ৰাজ্যত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ'ৰামৰ

saraight

নিউজ ডেস্ক:সাংবাদিক ৰাজেন ডেকা,উপাসনা বৰুৱা গোস্বামী আৰু ৰাজীৱ শৰ্মাক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাৰ তীব্ৰ গৰিহণা দিছে উত্তৰ গুৱাহাটীৰ সাংবাদিক সংগঠন 'নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ'ৰাম'-এ।


ফ'ৰামৰ সভাপতি ৰঞ্জন দত্ত আৰু সম্পাদক কৌশিক দাসে সাংবাদিককেইজনক আক্ৰমণ কৰা দুৰ্বৃত্তকেইটাক কঠোৰ আইনী শাস্তি প্ৰদানৰ দাবী জনাইছে।লগতে ফ'ৰামে ৰাজ্যৰ সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে।


ৰাজ্যৰ সাংবাদিকসকলক বিগত কিছু দিনত দুষ্ট চক্রই সঘনে লক্ষ্য হিচাপে লোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে বুলি ফ'ৰামে উল্লেখ কৰিছে ।

Your Comments