সাংবাদিক আক্ৰমণকাৰী দুৰ্বৃত্তৰ কঠোৰ আইনী শাস্তিৰ দাবী সাংবাদিক সংগঠনৰ

aakramn

নিউজ ডেস্ক:

সাংবাদিক ৰাজেন ডেকা,উপাসনা বৰুৱা গোস্বামী আৰু ৰাজীৱ শৰ্মাক অসমৰ বিভিন্ন প্ৰান্তত দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে ৰাজ্যৰ চৌদিশে।


সদৌ অসম সাংবাদিক সন্থাকে ধৰি প্ৰতিটো আগশাৰীৰ সাংবাদিক সংগঠন,প্ৰতিটো আঞ্চলিক সাংবাদিক সংগঠনে সাংবাদিক আক্ৰমণৰ ঘটনাৰ তীব্র গৰিহণা দিছে।আক্ৰমণকৰী দুৰ্বৃত্তক কঠোৰ আইনী শাস্তিৰ সন্মুখীন কৰোৱাৰ দাবী উত্থাপন কৰিছে।


প্ৰতিটো সাংবাদিক সংগঠনে ৰাজ্য চৰকাৰক সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে।আনহাতে,সদৌ অসম সাংবাদিক সন্থাই ২৯ এপ্ৰিলত গুৱাহাটী  প্ৰেছ ক্লাবৰ সন্মুখত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ বিষয়ে ঘোষণা কৰিছে।

আনহাতে, সাংবাদিক সংগঠনসমূহৰ সৈতে ঠিয় হৈ সদৌ অসম ছাত্র সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে জাতীয় সংগঠনেও আক্ৰমণকাৰী দুৰ্বৃত্তৰ কঠোৰ  আইনী শাস্তিৰ দাবী তুলিছে

Your Comments