নিউজ ডেস্ক:
পুৰণি শৰাইঘাট দলঙৰ মেৰামতি হৈ থকাৰ বাবে বিগত কিছুদিন কেৱল নতুন শৰাইঘাট দলঙেৰে ৰাইজে যাতায়ত কৰি বহু অসুবিধাৰ সন্মুখীন হৈছে।পুৱা-গধূলি দলঙৰ সমীপত হোৱা ব্যাপক যানজঁটৰ বাবে জ্বলা-কলা খাইছে সাধাৰণ ৰাইজে।
যিকোনো কামৰ উদ্দেশ্যেৰে লুইতৰ উত্তৰ পাৰৰ বিভিন্ন জিলাৰ পৰা গুৱাহাটীলৈ অহা নাগৰিকে ১ ঘণ্টাৰ পৰা ৫ ঘণ্টা পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হৈছে শৰাইঘাটত। পিছে শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতি কেনে গতিত আগবাঢ়িছে,সেই কথা শুনিলে চকু কপালত উঠিব।উচ্চ মানৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা কৈ থকা এইখন চৰকাৰৰ কিছু কাম-কাজে পোহৰলৈ আনিছে এই কথা।
এইটো আশ্চৰ্যকৰ হিচাপে বিবেচিত হৈছে যে ৩ মাহত মেৰামতি সম্পূৰ্ণ কৰিবলগীয়া দলংখনৰ মাত্ৰ ২০ শতাংশ কামহে যোৱা ১ মাহ ১০ দিনত সম্পন্ন হৈছে।শুকুৰবাৰে কামৰূপ জিলা উপায়ুক্ত, ৰেল বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকাৰীৰ এখন ত্ৰিপাক্ষিক বৈঠকত পোহৰলৈ আহিছে দলংখনৰ মেৰামতিৰ কার্যৰ খতিয়ানৰ কথা।ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকাৰণে মুকলি কৰি দিয়া ধনেৰে দলংখনৰ নিৰ্মাণৰ কাম কৰি আছে ৰে'ল বিভাগে।
প্ৰশাসনৰ পৰা দলংখনৰ মেৰামতিৰ বাবে মাত্ৰ ৩ মাহৰ সময় লৈছিল ৰে'ল বিভাগে। য'ত শতাধিক বা অৰ্ধ শতাধিক কৰ্মচাৰী নিয়োগ কৰিব লাগিছিল, সেই কামত মাত্ৰ ১৩ জন কৰ্মচাৰী নিয়োগ কৰিছে ৰে'ল বিভাগে। ই জনসাধাৰণৰ প্ৰতি ৰে'ল বিভাগৰ দায়বদ্ধতাহীনতাক প্ৰকাশ কৰিছে।
প্ৰণিধানযোগ্য যে এনেদৰে কাম সম্পাদন কৰিলে আগন্তুক ৫ মাহৰ পিছতো যে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নহয় সেই কথা প্ৰায় নিশ্চিত। শুকুৰবাৰে কামৰূপ জিলা উপায়ুক্তই অতিশীঘ্ৰে ৩ মাহৰ ভিতৰত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি অথবা ন ন প্ৰযুক্তিৰ ব্যৱহাৰ কৰি দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ৰে'ল বিভাগক নিৰ্দেশ দিছে
- Log in to post comments
- 20 views