পুনৰ আক্ৰান্ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ : সাংবাদিক ৰাজেন ডেকাৰ প্ৰাণনাশৰ চেষ্টা

deka

গুৱাহাটী, ২৬ এপ্ৰিলঃ

 ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা। একাৰ্থত ,যেন এতিয়া চূড়ান্ত নিৰাপত্তাহীনতাত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰহৰী সকল। ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিকৰ ওপৰত জঘন্য আক্ৰমণৰ ঘটনা। এইবাৰ সাংবাদিক আক্রমণিত হৈছে নলবাৰীৰ মুকালমুৱাত। প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰৰ ৰাতি এটা দুৰ্বৃত্তৰ দলে  মুকালমুৱাৰ 'দৈনিক অসমৰ' সাংবাদিক ৰাজেন ডেকাৰ ওপৰত এক প্ৰাণনাশী আক্ৰমণ সংঘটিত কৰে। আক্ৰমণটোৰ ভয়াবহতা ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্ততে সাংবাদিক ডেকাৰ সমগ্ৰ মুখমণ্ডল তেজেৰে তুমুৰালী হৈ পৰে। স্থানীয় একাংশ লোকে ডেকাক তেনে অৱস্থাত প্ৰত্যক্ষ কৰি ৰাতিয়েই মুকালমুৱাৰ পৰা লৈ আনি উন্নত চিকিৎসাৰ বাবে  গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। উল্লেখ্য যে আক্ৰমণটোত এতিয়ালৈকে কোন জড়িত জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে একাংশ বিজেপি কর্মী উক্ত আক্ৰমণৰ ঘটনাটোৰ লগত জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

Your Comments