তপন বৰগোহাঁই :
উচ্চতম ন্যায়ালয়ত পুনৰ ক্ষমা খুজিলে ৰাজ্যৰ মুখ্য সচিব আলোক বাৰ্মাই। এইবাৰ ৰাজ্যৰ ডিটেনচন কেম্পসমূহত আবদ্ধ হৈ থকা বিদেশীৰ প্ৰতি দৰদ ওপজাৰ বাবে উচ্চতম ন্যায়ালয়ত ক্ষমা খুজিব লগা হ'ল মুখ্য সচিবজনে।
মানৱ অধিকাৰ কর্মী হৰ্ষ মাণ্ডেৰে অসম ডিটেনচন কেম্পসমূহত আবাসীসকলৰ মানৱ অধিকাৰ সুৰক্ষিত নহয় বুলি কিছুদিনৰ পূৰ্বে উচ্চতম আদালতখনৰ কাষ চাপিছিল। মানৱ অধিকাৰ কর্মীজনৰ উক্ত আবেদনখনৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠন কৰা হৈছিল তিনিজনীয়া বিচাৰপীঠ।আজি সেই তিনিজনীয়া বিচাৰপীঠে আবেদনখনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে।
উল্লেখ্য যে অসম চৰকাৰৰ হৈ মুখ্য সচিবগৰাকীয়ে উক্ত আবেদন সন্দৰ্ভত ন্যায়ালয়ক ডিটেনচন কেন্দ্ৰসমূহত থকা আবাসীসকলক চৰ্তসাপেক্ষে মুকলি কৰি দিব লাগে বুলি অনুৰোধ জনাইছিল।তাতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অতিকৈ আপত্তি প্ৰদৰ্শন কৰে।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়- 'যি ব্যক্তিয়ে দেশত অবৈধভাৱে প্রৱেশ কৰে,তেনে ব্যক্তিক কিহৰ ভিত্তিত দেশত থকা অনুমতি দিব পৰা যায়। অসম চৰকাৰে এনে কথা কৈ দেশৰ সংবিধান অৱমাননা কৰিছে।'
লগতে মুখ্য সচিবগৰাকীয়ে তেনে মন্তব্য আদালতত কৰাৰ বাবে তেওঁক উদ্দেশ্য কৰি ন্যায়াধীশ গগৈয়ে কয়-'মুখ্য সচিব হিচাপে আপুনি এই পদবীত থকাৰ অধিকাৰ নাই।কাৰণ আপুনি আদালতৰ সন্মুখত অসাংবিধানিক আৰু আইন বৰ্হিভূত কথা কৈছে।'লগে লগে আলোক কুমাৰে আদালতত ক্ষমা খোজে ।
- Log in to post comments
- 29 views