নিৰ্বাচনৰ সময়ত ৰাজ্যত অস্বাভাৱিক মূল্যবৃদ্ধি কিয় ?

price rise

দেশত লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে ৰাজ্যৰ বজাৰত জুই লাগিছে। এমাহৰ ভিতৰত মূল্যবৃদ্ধি ঘটিছে মচুৰ দাইল,মগু দাইল,আলু,বিভিন্ন প্রকাৰৰ শাক -পাচলি,ফল-মূলৰ।বিগত এমাহৰ ভিতৰত সৰু মচুৰ দাইলৰ মূল্য কিল'গ্ৰামত ৫ টকা বৃদ্ধি পাইছে।মগু দাইলৰ মূল্য বৃদ্ধি পাইছে ৭ টকা।আনহাতে,আলুৰো মূল্য ৪- ৫ টকা বাঢ়িছে।ভেণ্ডি,লেছেৰা,ভাত কেৰেলা আদি পাচলিৰ মূল্যও এমাহৰ ভিতৰতে ১০-২০ টকা বৃদ্ধি পাইছে।

 

ৰাজনৈতিক দলে ব্যৱসায়িক গোষ্ঠীৰ পৰা নিৰ্বাচনৰ বাবে ধন সংগ্ৰহ  কৰাৰ বাবেই ব্যৱসায়ীসকলে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।ৰাজনৈতিক দলসমূহক দিয়া বৰঙণিৰ ধনখিনি অসৎ ব্যৱসায়ীয়ে সা-সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি  উঠাব বিচাৰিছে বুলি অভিযোগ উঠিছে।

 

আনহাতে নিৰ্বাচনী বৰঙণি দিব নলগা হোৱা একাংশ ব্যৱসায়ীয়ে নিৰ্বাচনৰ অজুহাত লৈ মূল্যবৃদ্ধিৰে অধিক মুনাফা অৰ্জন কৰিবলৈ ধৰিছে।এতিয়া প্ৰশ্ন হৈছে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি জনতাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ দিবনে ?

Your Comments