বিদেশী সুৰক্ষাৰ সকলো ব্যৱস্থা বন্ধ হ’ব লাগিব : সংবাদমেলত অতুল বৰা

মহামান্য উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত অসমবাসীৰ দীৰ্ঘ প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়াটোৱে গতি লাভ কৰিলে ৷ যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ লগে লগে অসমৰ খিলঞ্জীয়া জনসাধাৰণ যথেষ্ট আশ্বস্ত হৈছে ৷ প্ৰায় চাৰি দশকজুৰি অসমক জুৰুলা কৰি ৰখা অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো সমাধানৰ পথত আগবঢ়া বুলি ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছে ৷

এই পৰ্যন্ত খচৰাহে চূড়ান্ত ৰূপত প্ৰকাশিত হৈছে, পূৰ্ণাঙ্গ এন আৰ চিখন প্ৰকাশ হ’বলৈ এতিয়াও বাকী আছে ৷ ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদ দলৰ স্পষ্ট দাবী- চূড়ান্ত তথা পূৰ্ণাঙ্গ এন আৰ চিখন হ’ব লাগিব এশ শতাংশই বিদেশীমুক্ত ৷

অগপই বিচাৰে এখন সম্পূৰ্ণ শুদ্ধ এন আৰ চি, য’ত প্ৰতিগৰাকী অবৈধ বিদেশীৰ নাম বাদ পৰিব ৷ য’ত অসমৰ ভূ-খণ্ডত বসবাস কৰা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ’ব ৷ মুঠৰ ওপৰত এখন সম্পূৰ্ণ বিদেশীমুক্ত এন আৰ চি আমাক লাগিবই৷

অসমৰ জ্বলন্ত অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ এই অন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ৷ সমস্যাটোৰ স্থায়ী সমাধানৰ দাবীত অসমত প্ৰায় চাৰি দশকজুৰি এখন ঐক্যবদ্ধ জাতীয় সংগ্ৰাম চলি আহিছে ৷ অগপ দলৰো মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে সমস্যাটোৰ স্থায়ী সমাধান৷ সেয়ে এই গুৰুত্বপূৰ্ণ ক্ষণত আমি কেইটামান প্ৰাসংগিক বিষয় পুনৰবাৰ উত্থাপন কৰিব খুজিছোঁ ৷

অসম আৰু অসমবাসীৰ ভৱিষ্যতৰ প্ৰতি চূড়ান্ত ভাবুকিৰূপে আমাৰ দলে গণ্য কৰা বিষয়কেইটা হ’ল ক্ৰমে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬, বিদেশীৰ সংশোধনী নিৰ্দেশ-২০১৫ আৰু পাৰপত্ৰ সংশোধনী নিয়ম-২০১৫ ৷

এই তিনিওটা বিষয়ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ধৰ্মীয় আতিশয্যৰ দোহাই দি অসমত থকা অবৈধ অনুপ্ৰৱেশকাৰীসকলক স্বদেশী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইতিমধ্যে পাৰপত্ৰ সংশোধনী নিয়ম-২০১৫ আধাৰত কেন্দ্ৰই বাংলাদেশী নাগৰিকক দীৰ্ঘম্যাদী ভিছা প্ৰদানৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ উল্লিখিত চাৰিওটা ব্যৱস্থাৰ জৰিয়তে অসমৰ জনগণকে অধিক সংকটলৈ ঠেলি দিয়াৰ লগতে অসম চুক্তিক সম্পূৰ্ণ নস্যাৎ কৰিব বিচৰা হৈছে ৷ চাৰিওটা বিষয়েই এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰো সম্পূৰ্ণ পৰিপন্থী ৷

যিহেতু এন আৰ চি উন্নীতকৰণলৈ কেন্দ্ৰই সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে, সেয়ে চাৰিওটা বিষয়েই তৎকালীনভাৱে বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ ৷ কাৰণ উল্লিখিত এটা ব্যৱস্থাও যদি বাহাল থাকে, তেন্তে নিশ্চিতভাৱে ক’ব পাৰি যে অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হৈয়ে থাকিব, নিৰাপদ আশ্ৰয়স্থলীলৈ পৰ্যৱসিত হ’ব ৷

ধৰ্মীয় আতিশয্যৰ দোহাই দি বৰ্তমান কেন্দ্ৰীয় চৰকাৰে কেইটামান নিৰ্দিষ্ট ধৰ্মৰ অবৈধ বিদেশীক স্বদেশী কৰাৰ যি নীতি লৈছে তাৰ আমি সজোৰে বিৰোধিতা কৰিছোঁ ৷ যিকোনো মূল্যৰ বিনিময়ত অসমবিৰোধী নীতি আমি ওফৰাই দিবলৈ সাজু ৷ অগপৰ স্পষ্ট কথা- অসমত এজনো অবৈধ বাংলাদেশী নাগৰিকক নাগৰিকত্ব দিব নোৱাৰিব ৷

ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীকে ভাগ ভাগ কৰাৰ নীতি আমাৰ এইখন মাতৃভূমিত নচলিব ৷ ধৰ্মৰ ভিত্তিত নহয়, নাগৰিকত্ব নিৰূপণৰ সমগ্ৰ প্ৰক্ৰিয়াটো হ’ব লাগিব একমাত্ৰ অসম চুক্তিৰ ভিত্তিত ৷ প্ৰথম কথা, হিন্দুৱেই হওক নতুবা মুছলমান বা আন যি ধৰ্মৰে নহওক কিয়, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা প্ৰতিগৰাকী বিদেশী নাগৰিকে অসম এৰিবই লাগিব ৷ তিনিওটা ‘D’ সন্মুখত লৈ আমি আগবাঢ়িম- Detection, Deletion and Deportation, অৰ্থাৎ চিনাক্তকৰণ, নাম কৰ্তন আৰু বহিষ্কৰণ ৷

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এন আৰ চিক অসম চুক্তিৰ ‘আত্মা’ হিচাপে অভিহিত কৰি অমিতছে ৷ শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাই আমি কওঁ যে এই ‘আত্মা’ক সুৰক্ষিত কৰাত আপোনালোকে আগভাগ লওক ৷

তেখেতক লগতে এই কথাও ক’ব খুজিছোঁ- অসম চুক্তিৰ এই ‘আত্মা’ক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬, বিদেশীৰ সংশোধনী নিৰ্দেশ-২০১৫, পাৰপত্ৰ সংশোধনী-২০১৫ আৰু সহজলভ্য ভিছা ব্যৱস্থা শীঘ্ৰে বাতিল কৰোৱাৰ উদ্যোগ গ্ৰহণ কৰক ৷ অন্যথা এন আৰ চিখন হৈ পৰিব মূল্যহীন আৰু অৰ্থহীন ৷

আমাৰ দলে অনুভৱ কৰে যে অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো এতিয়া কেৱল অসমৰ সমস্যা হৈ থকা নাই ৷ দেশৰ অন্যান্য বহু ৰাজ্যত এই সমস্যাই ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰিছে ৷ অসমত বিদেশী প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষৰ জনগাঁথনিৰ লগতে সমগ্ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাটোৰ প্ৰতি হৈ পৰিছে প্ৰচণ্ড ভাবুকি ৷

সেয়ে অগপই বিচাৰে- সমগ্ৰ ৰাষ্ট্ৰখনৰ ভিত্তিত এখন সম্পূৰ্ণ বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰা হওক ৷ ভাৰতবৰ্ষ প্ৰকৃত ভাৰতীয়ৰ বাবে হওক, অবৈধ বিদেশীৰ বাবে নহয় ৷ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আজি এটি প্ৰতিনিধি দলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এখনি স্মাৰক-পত্ৰ প্ৰদান কৰি দলৰ স্থিতি স্পষ্ট কৰি দিয়ে ৷