মহানগৰীৰ উদ্যানত  বিপথগামী যুৱকৰ মুকলিকৈ মাদকদ্ৰব্য সেৱন

madak

নিউজ ডেস্ক :
দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ তথা অৱসৰ বিনোদনৰ বাবে গুৱাহাটী মহানগৰীত অসম চৰকাৰৰ পৰ্যটন বিভাগে স্থাপন কৰা বহুসংখ্যক উদ্যান  এতিয়া পৰিৱৰ্তিত হৈছে নৱ-প্ৰজন্মৰ একাংশৰ  অনৈতিক কাৰ্য কৰা স্থানলৈ।পৰ্যাপ্ত সুৰক্ষা কৰ্মী নথকাৰ বাবে বহুসংখ্যক উদ্যানত  নৱপ্ৰজন্মৰ বিপথগামী একাংশই এতিয়া  মাদকদ্ৰব্য সেৱনৰ সুযোগ লৈছে।তেনে এখন উদ্যান হৈছে  উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত 'সতী ৰাধিকা প্ৰশান্তি উদ্যান'।অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ উদ্যানখনলৈ পৰ্যটকৰ  ওপৰিও গুৱাহাটীবাসী  অৱসৰ বিনোদনৰ বাবে আহে।কিন্তু অতি পৰিতাপৰ বিষয় যে  অৱসৰ বিনোদন কৰিবলৈ অহা নাগৰিকসকলে প্ৰত্যেক দিনাই প্ৰত্যক্ষ কৰে বিপথগামী যুৱকে ড্ৰাগছ, ভাং,ডেনড্ৰাইট,মদ আদি  মাদকদ্ৰব্য সেৱন কৰি থকাটো।madak2


এনে উচ্ছৃংখল যুৱকসকলৰ বাবে  বহুসময়ত পৰ্যটক তথা অৱসৰ বিনোদনৰ বাবে অহা লোকসকল  নিৰাপত্তাহীনতাত ভুগিব লগীয়াও হৈছে।ইফালে, উদ্যানখনৰ তত্বাৱধানৰ দায়িত্বত নিয়োজিত হৈ থকা কৰ্মচাৰীয়েও জানিবলৈ দিয়ে যে একাংশ নৱপ্ৰজন্মৰ যুৱকে  ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ বাবে আহে বুলি।


গুৰুত্বপূৰ্ণ কথা এই যে উদ্যানখনৰ আশে-পাশে প্ৰতিদিনেই আৰক্ষীয়ে তহল দিয়ে।কাৰণ উদ্যানখনৰ কাষেৰে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় ব্ৰহ্মপুত্ৰ অতিথিশালালৈ যায়।কিন্ত, ইয়াৰ পিছতো 'সতী ৰাধিকা প্ৰশান্তি উদ্যান'ত মুকলিকৈ মাদকদ্ৰব্য সেৱন কৰাৰ সুযোগ পোৱাটোৱে চিন্তিত কৰি তুলিছে সচেতন মহলক।

Your Comments