জনগোষ্ঠীয় ঐক্য সুদৃঢ় কৰিছে ৰঙালী বিহু উদযাপনে

bihu

##ৰাজকমল চাংকাকতি##

বিভিন্ন জাতি-জনগোষ্ঠীৰ অসমীয়া কৃষক সমাজে কৃষিভূমিৰ উৰ্বৰতা বৃদ্ধিৰ কামনাৰে যুগ-যুগান্তৰৰ পৰা ৰঙালী বিহু উদযাপন কৰি আহিছে।বসন্ত উৎসৱ ব'হাগ বিহুত বিহু গীতৰ মাজৰে যুৱ মনৰ প্ৰেম-ভালপোৱা,ৰং-ধেমালিৰ বাৰ্তাও প্ৰকাশ পায়।কৃষিকৰ্ম চলাই নিয়াত অনবদ্য অৰিহণা আগবঢ়োৱা গোধনৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰা হয় গৰু বিহু পালনৰ জৰিয়তে।ব'হাগ বিহুৰ এনেবোৰ পৰিচয়ৰ উপৰিও আন এটা অতি গুৰুত্বপূৰ্ণ পৰিচয় আছে।সেই পৰিচয়টোৰ চৰ্চা সাম্প্ৰতিক সময়ত অতি প্ৰয়োজনীয় বিবেচিত হৈছে।bihu2

সমন্বয় স্থাপনৰ উৎসৱৰ ৰূপত ৰঙালী বিহুৰ এটা অতি মহত্ত্বপূৰ্ণ পৰিচয় আছে।ৰঙালী বিহু পালনৰ জড়িয়তে আহোম শাসনৰ পৰাই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য স্থাপন হৈ আহিছে।দৰাচলতে অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ কৃষ্টি-সংস্কৃতিৰ বিবিধ উপাদানৰ সংমিশ্ৰণেৰে ৰঙালী বিহুটোৰ স্বৰূপটো নিৰ্মাণ হৈছে।গতিকে,ব'হাগ বিহু নামটোৰ মাজতে লুকাই আছে সমন্বয়ৰ অৰ্থ।আহোম শাসকসকলৰ পৃষ্ঠপোষকতাত ৰঙালী বিহু 'সাত বিহু' হিচাপে বিস্তাৰিত হোৱাৰ সময়ৰ পৰাই জনগোষ্ঠীয় ঐক্য স্থাপনৰ জাতীয় উৎসৱ হিচাপে ইয়াৰ পৰিচয় সুদৃঢ় হৈছে।গৰু বিহু,মানুহ বিহু,গোঁসাই বিহু,হাট বিহু,চেনেহী বিহু, ৰঙালী বিহু,চেৰা বিহু-এই সাত বিহুত ভিন্ন জনগোষ্ঠীয় কৃষ্টিৰ উপাদানৰ লগতে হিন্দু ধর্মীয় নীতি-নিয়মো সন্নিবিষ্ট হৈছে।ৰঙালী বিহুক আহোম স্বৰ্গদেউসকলৰ শাসনকালৰ দৰে আজিৰ আধুনিক যুগতো ৰাজ্যৰ প্রায়সংখ্যক জনগোষ্ঠী,সম্প্ৰদায়ে আপোন উৎসৱ হিচাপে গ্ৰহণ কৰিছে।bihu4

বৰ্তমান আধুনিক যুগত ৰঙালী বিহু মূলতঃ মঞ্চ বিহুলৈ পৰ্যবসিত হৈছে।ব'হাগ মাহত নগৰে-চহৰে, গাঁও-ভূঁইত ৰঙালী বিহু সন্মিলনসমূহৰ মঞ্চত বিহু নৃত্য প্ৰদৰ্শন, বিহুসুৰীয়া গীত পৰিৱেশন,বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনতে বৰ্তমান ৰঙালী বিহু উদযাপন।মূল ৰূপৰ পৰা ৰঙালী বিহু উদযাপন এনেদৰে আঁতৰি আহিছে যদিও জনগোষ্ঠীয় সমন্বয় স্থাপনত এতিয়াও ই পূৰ্বৰ দৰেই ভূমিকা পালন কৰি আছে।ভিন্ন জনগোষ্ঠী,সম্প্ৰদায়,ধর্মৰ লোক আগবাঢ়ি আহি ৰঙালী বিহু উদযাপন সমিতি গঠন কৰিছে আৰু মঞ্চ বিহু অনুষ্ঠিত কৰিছে।বিহু মঞ্চত ভিন্ন জনজাতিৰ গীত,নৃত্য আদি পৰিবেশন কৰা হৈছে,যি সাংস্কৃতিক আদান-প্ৰদানৰ জড়িয়তে সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছে।bihu5

ৰঙালী বিহু উদযাপনৰ এতিয়া যথেষ্ট ব্যৱসায়িকৰণ হৈছে।মঞ্চ বিহু উদযাপনত বহুজাতিক কোম্পানী,পুঁজিবাদী ব্যৱসায়িক গোষ্ঠী জড়িত হোৱাৰ লগে লগে বিহু উদযাপনত ভোগবাদী বিচাৰ ধাৰাৰ প্ৰাধান্য বৃদ্ধি পাইছে।মঞ্চ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত সুৰাৰ ব্যাপক প্ৰচলনে ভোগবাদৰ বিস্তাৰৰে প্ৰমাণ দাঙি ধৰিছে।সুৰাপায়ীৰ উপদ্ৰৱে বিহুৰ পৱিত্ৰতা নষ্ট কৰিছে।এনে ঋণাত্মক পৰিৱেশৰ মাজতো ৰঙালী বিহুৰ সমন্বয়ৰ উৎসৱৰ পৰিচয়টো অক্ষুন্ন আছে;কাৰণ--জাতি-ধৰ্ম-বৰ্ণ নির্বিশেষে অসমীয়াৰ আত্মাই আত্মাই ৰঙালী বিহুয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম গতি কৰি আহিছে ।ৰঙালী বিহুৰ 'নিৰ্মাণ'ত অসমবাসী প্ৰায় সংখ্যক জনগোষ্ঠীৰে অৱদান আছে,গতিকে জনজাতি, বৰ্ণ হিন্দু আৰু অন্যান্য ধৰ্মৰ লোকসকলেও ৰঙালী বিহুক আগন্তুক যুগ-যুগান্তৰলৈ নিজৰ বুলি গণ্য কৰি যাব।এতিয়া মূল কথাটো হৈছে ৰঙালী বিহু উদযাপনৰ ব্যৱসায়িকৰণ আৰু ভোগবাদৰ বিৰুদ্ধ যুঁজ দিয়াটোহে।ৰঙালী বিহুক ব্যৱসায়িকৰণ আৰু অপসংস্কৃতিৰ গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সচেতন লোক আগবাঢ়ি আহিব লাগিব।মঞ্চ বিহুত বিজতৰীয়া কৃষ্টি প্ৰদৰ্শনৰ প্ৰয়াসক সচেতন অসমীয়াই সৰ্বশক্তিৰে প্ৰতিহত কৰিব লাগিব।শেষত ক'ব খোজোঁ ৰঙালী বিহু উদযাপনে সদায় গঢ়ি যাব সম্প্ৰীতিৰ সেতু।

Your Comments