ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
নিৰ্বাচনী বতৰ ৷ চৌদিশে টকাৰ উজান উঠিছে ৷ কেতিয়াবা ফ্লায়িং স্কোৱাডৰ অভিযান, আন কেতিয়াবা আকৌ আৰক্ষীয়ে জব্দ কৰিছে লাখ লাখ টকা ৷ কিন্ত ডবকা ষ্টেডফেডত টকাক লৈ আজি পুৱাৰ ভাগত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷
ডবকা ষ্টেডফেডত থকা ডবকা গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ (আই, ডি কোড 1095)-ৰ চাংমাজি গাঁৱৰ সঞ্চালক ছেলিম মৰ্তুজা ওৰফে ছেলিম আহমেদৰ বাসগৃহ আজি স্থানীয় শতাধিক গ্ৰাহক ৰাইজে ঘেৰাও কৰে ৷
ৰাইজে চেলিম মুৰ্তাজাৰ বাসগৃহ ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও ডবকা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক ছেলিমে ৰাইজৰ ৰোষত পৰাৰ ভয়ত ঘৰ এৰি পলায়ন কৰিছে ৷ কেইবাশতাধিক গ্ৰাহক ৰাইজৰ এনৰেগাৰ জবকাৰ্ডৰ একাউন্টত ১০,২০০ টকাকৈ সুমুৱাইছে ৷ চতুৰ পৰিচালক জনে এজন এজনকৈ গ্ৰাহকক নিজৰ সেৱা কেন্দ্ৰলৈ মাতি আনি ফিংগাৰ প্ৰিন্ট লৈ টকা আহৰণ কৰিছে ৷ কিন্ত সহজ-সৰল গ্ৰাহকক ৫০০ টকাকৈ দি বাকী ধন হজম কৰাৰ ফান্দ পাতিছে ছেলিমে ৷ কোনোবা গ্ৰাহকে যদি ৫০০ টকা নল'ব বুলি কৈ অলপ উত্তেজিত হৈছে,তেন্তে এনে গ্ৰাহকক ২/৩ হাজাৰ টকাকৈ দি মেনেজ কৰিবলৈ চেষ্টা কৰিছে ৷
আনহাতে ৫০০ টকাকৈ লোৱা বহু গ্ৰাহকৰ বেংকৰ পঞ্জীয়নভুক্ত মোবাইলত ১০,২০০ টকা আহৰণ কৰাৰ বাৰ্তা আহিছে ৷ তাৰ পিচতে এজন এজনকৈ কেইবাশতাধিক গ্ৰাহক একত্ৰিত হৈ সকলোৱে ১০,২০০ টকাকৈ পোৱাৰ বাবে চিএচপি ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
গ্ৰাহকৰ একাউন্টলৈ টকা অহাৰ উৎস হল Raj Govt.SSP ৷ একেটা সংস্থাৰ পৰা অহা ১০,২০০ টকাকৈ ইতিমধ্যে ২২ মাৰ্চত আহৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ কৃষক মুক্তিৰ নেতা ইনাম উদ্দিনে অভিযোগ কৰা মতে, ইতিমধ্যে ২২ লাখ টকা গ্ৰাহকৰ চকুত ধূলি দি প্ৰৱঞ্চক চেলিম তথা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালকজনে উঠাই আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ৷
এতিয়া প্ৰশ্ন হয়, নিৰ্বাচনৰ বতৰত ক'ৰ পৰা ৰাইজৰ একাউন্টত সোমাল এই টকা ? জবকাৰ্ড শ্ৰমিকৰ ধন নেকি ? নে যোৱা বৰ্ষৰ দৰে এইবাৰো ভুৱা ছাত্ৰ দেখুৱাই সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ নামত কোটি কোটি টকা লুন্ঠনত নামি পৰিছে নেকি গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালকসকলে ? ইতিমধ্যে ডবকা গাঁও পঞ্চায়তৰ কাউন্সিলাৰ ৰিয়াজুল ইছলাম চৌধুৰী, ডবকা পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী ৰহমান আলী পাটোৱাৰী, গ্ৰাহক ফুলু খাতুন আৰু কৃষক মুক্তিৰ সদস্যই ডবকা আৰক্ষী থানাত পৃথকে পৃথকে গোচৰ তৰিছে চিএছপি-ৰ পৰিচালক চেলিম মৰ্তুজাৰ বিৰুদ্ধে ৷ আৰক্ষীৰ তদন্তত ওলাই পৰিব এই ধনবোৰৰ উৎস কি ? কৰ পৰা কেনেকৈ একাউণ্টত সোমাল এই ধন ? তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷
- Log in to post comments
- 113 views