চেঙাৰ পৰা সুৰজিৎ পাঠক ৭ এপ্ৰিলঃ
বৰপেটা জিলাৰ চেঙাত আজি চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । অসম শক্তি বিতৰণ কোম্পানীৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক গিৰিজা দেৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ সভাপতি দ্বিজেন্দ্ৰ নাথ গোস্বামীয়ে । পঞ্চম বৰ্ষ পূৰ্তি উপলক্ষ্যে যুৱ কবি চিন্ময় ডেকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড° ফনীধৰ অধিকাৰীয়ে । স্মৃতিগ্ৰন্থ উন্মোচন কৰি ড° অধিকাৰীয়ে চেঙা অঞ্চলত অতীজৰে পৰা চলি অহা আধ্যাত্মিক ধ্যানধাৰণা আৰু মহাপুৰুষ শংকৰ গুৰুজনাই চেঙাৰ সমীপত ( বৰ্তমানৰ শংকৰদেৱ ভৰি ধুৱা ঘাট সত্ৰ) ভাগৱত কীৰ্তন কৰা সম্পৰ্কত বিশদ ব্যাখ্যা দাঙি ধৰে । তৰুণ প্ৰজন্মক ভাগৱতৰ আধ্যাত্মিক দিশ অধ্যয়ন কৰিবলৈও তেখেতে আহ্বান জনায় । প্ৰাক্তন ছাত্ৰনেতা খনীন পাঠকে আঁত ধৰা উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিৰিণা গোষ্ঠী,অসমৰ সভাপতি লীলাধৰ পাঠকে ভাষণ প্ৰসংগত কয় যে আধ্যাত্মিক শিক্ষাইহে সামাজিক মূল্যবোধৰ উত্তৰণ ঘটাব পাৰে । ভাগৱতৰ পঠন আৰু শ্ৰৱণে সমাজত পাৰস্পৰিক বিশ্বাস আৰু আত্মিক সম্পৰ্ক গঢ় দিয়ে ।গ্ৰন্থক ভগৱান বুলি বিশ্বাস ৰাখিলেহে গ্ৰন্থ অধ্যয়নৰ পৰা লাভবান হ'ব পাৰিব । আন এগৰাকী বিশিষ্ট অতিথি বাউসী আঞ্চলিক ভাগৱত অধ্যয়ন চক্ৰৰ সম্পাদক জগৎ বায়নে ভাগৱত সম্পৰ্কত এক চমু ভাষণ আগবঢ়ায় । চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ সম্পাদক মৃগেন্দ্ৰ নাৰায়ণ বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত বাউসী আঞ্চলিক ভাগৱত অধ্যয়ন চক্ৰৰ সভাপতি দীনেশ পাঠকৰ লগতে চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ কেইবাগৰাকী কৰ্মকৰ্তা বাপ-বান্ধৱ আৰু আয়তীৰ লগতে কেইবাগৰাকী বিশিষ্ট লোক উন্মোচনী সভাখনত উপস্থিত থাকে ।গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি গিৰিজা দেৱ শৰ্মাই সভাপতিৰ ভাষণত ভাগৱতক ভাৰতবৰ্ষৰ আত্মা বুলি কোৱাৰ লগতে শৈক্ষিক পাঠ্যক্ৰমত ভাগৱত বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগে বুলি দোহাৰে ।উল্লেখ্য যে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি যোৱা ১২ মাৰ্চত চাফাইৰ পাছতে ভাগৱতী বৈষ্ণৱ সমাজৰ পতাকা উত্তোলন কৰে বান্দালী সত্ৰৰ অধিকাৰ তথা অনুষ্ঠানটোৰ সভাপতি দ্বিজেন্দ্ৰ নাথ গোস্বামীয়ে।তাৰ পাছতেই নিত্য প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয়।মনো পাঠকে মুখ্য পাঠক হিচাপেঅংশগ্ৰহণ কৰে আৰু মৃগেন্দ্ৰ নাৰায়ণ বৰুৱাই ভাষ্যকাৰৰ দায়িত্ব পালন কৰে।উল্লেখ্য যে বৰপেটা জিলাৰ বৃহত্তৰ চেঙা অঞ্চলৰ সাত পাৰাক এক কৰি বিগত পাঁচ বছৰ আগতে "চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজ" নামৰে এই আধ্যাত্মিক চৰ্চাৰ সৰ্ববৃহৎ অনুষ্ঠানটোৰ জন্ম হৈছিল ।
- Log in to post comments
- 20 views