নলবাৰীৰ তিলানা গাঁওৰ চৰকাৰী গাওঁবুঢ়া গয়া ৰাম কলিতাৰ বিয়োগ

gaonbura

নলবাৰীৰ পৰা হেমন্ত কলিতা

 নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাহঁজানী মৌজাৰ তিলানা  গাঁও নিবাসী তথা গাঁওখনৰ  চৰকাৰী গাওঁবুঢ়া ,বিশিষ্ট সমাজকৰ্মী গয়া ৰাম কলিতাৰ     শনিবাৰে নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ  ৷


গাওঁবুঢ়া কলিতা
 বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওত:প্রোতভাৱে জড়িত আছিল।বিগত কিছুদিন ধৰি   শ্বাস-প্ৰশ্বাস ৰোগত  আক্ৰান্ত হৈ  চিকিৎসাধীন হৈ থকাৰ মাজতে শুকুৰবাৰে স্বাস্থ্যৰ অধিক  অৱনতি ঘটি  শেষ নিশ্বাস ত্যাগ কৰে ।  গয়া ৰাম কলিতাৰ মৃত্যুত তিলানা গাওঁ উন্নয়ন সমিতিৰ সভাপতি সৰ্বেশ্বৰ  কলিতা, সম্পাদকদ্বয় মোহন কলিতা আৰু কান্তৰাম তামুলী, ৭ নং পূৱ বাঁহজানী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি  নলিনীকান্ত শীল, মুগকুছি বনিক সন্থা, তিলানা যুৱক সংঘ, তিলানা মধ্য ইংৰাজী  বিদ্যালয় পৰিচালনা সমিতি, তিলানা জাপি শিল্পী সমাজ, তিলানা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ,ছাত্ৰ-ছাত্ৰীৰ লগতে বিশিষ্ট ব্যক্তি আৰু দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰয়াত কলিতাই বিগত সময়ত নিঃস্বাৰ্থভাৱে অঞ্চলটোৰ সকলো ধৰনৰ ৰাজহুৱা অনুষ্ঠানৰ  কাম কৰি গৈছিল আৰু আৰ্থিক দীনতাকো নেওচি য'তেই সভা অনুষ্ঠিত হৈছিল,ত'তেই তেওঁ অংশগ্ৰহণ কৰি আহিছিল।তেওঁৰ মৃত্যু অঞ্চলটোৰ বাবে অপূৰণীয় ক্ষতি বুলি বিবেচিত হোৱাৰ লগতে অসহায় হৈ পৰিছে তেওঁৰ পৰিয়ালবৰ্গও।

প্ৰয়াত কলিতাই  ইহসংসাৰ ত্যাগ কৰাৰ সময়ত এৰি থৈ যায় পত্নীৰ লগতে দুগৰাকী পুত্ৰ আৰু জীয়ৰী৷ কলিতাৰ মৃত্যুৰ লগে লগে নামি অহা ঘোৰ অমানিশাৰ সময়ত এতিয়া  বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ স্থানীয় বিধায়ক গৰাকীক  কাতৰ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই ৷

Your Comments