পথ দুৰ্ঘটনাত বিশিষ্ট বাদ্যযন্ত্ৰী ৰাজকুমাৰৰ মৃত্যঃশিল্পী সমাজত শোকৰ ছাঁ 

rajkumar

নগাঁৱৰ পৰা ৱাহিদুদ জামান,৭ এপ্ৰিলঃবিশিষ্ট গায়ক, সুনিপুন বাদ্যযন্ত্ৰী ৰাজকুমাৰ মল্ল আৰু নাই। নগাঁৱৰ তেতিয়াগা‌ঁও নিবাসী বিশিষ্ট শিল্পী ৰাজকুমাৰ কালি সন্ধিয়া তেলিয়াগাঁৱৰ নিজা ঘৰৰ পৰা স্কুটিৰে আহি থকা অৱস্থাত নগাঁও চহৰৰ লাওখোৱা ৰোডত এ এচ ০২-ডব্লিউ-৯০৮৭ নম্বৰৰ এল্ট্ৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়।

ফলত ৰাজকুমাৰ  গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। পিছত তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আজি পুৱা সাত বজাত তেওঁৰ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ। প্ৰায় সকলো ধৰণৰ বাদ্যযন্ত্ৰ বজোৱাত পাৰ্গত আছিল শিল্পী গৰাকী।

 বহু জনকে শিল্পী হিচাপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভুমিকা গ্ৰহণ কৰিছিল ৰাজকুমাৰে। এনে এগৰাকী সুৰৰ সাধকৰ অকাল মৃত্যুত সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পৰিছে। বিশেষকৈ শিল্পী গৰাকীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে নগাঁৱৰ শিল্পী সমাজ। আজি তেওঁৰ মৃতদেহ নগাঁও আহি পোৱাৰ পিছত নগাঁও চহৰৰ ছয়আলিস্থিত নবৰংগ সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যালয়লৈ নিয়া হয়।

ইয়াতেই অগণন গুণমুগ্ধ‌ই শিল্পী গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত তেওঁৰ মৃতদেহ শোভাযাত্ৰা কৰি আমোলাপট্টি শ্মশানলৈ নি শেষকৃত্য কৰা হয়। তেওঁৰ মৃত্যুত সদৌ অসম শব্দযন্ত্ৰী সন্থা, শিল্পী সমাজ অসম, শিল্পী মঞ্চ নগাঁও, সংগীত শিল্পী মঞ্চ, ৰূপৰংগ সাংস্কৃতিক গোষ্ঠী, অম্লান গোষ্ঠী,  সংঙ্গীণ সংঘ, নগাঁও জিলা সাহিত্য সভা, জিলা ছাত্ৰ সন্থা, নগাঁও জিলা জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জাতিয়তাবাদী যুৱ পৰিষদ, কল্লোল সাংস্কৃতিক গোষ্ঠীকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

তদুপৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক ডা: দুল্লৰ্ভ চমুৱাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ৰাজকুমাৰে পত্নী, একমাত্ৰ কন্যা সহ বহু আত্মীয় স্বজন আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

 

Your Comments