আদিল আহমেদৰ কৃত্তিত্বত উৎফুল্লিত নগাঁওবাসী : উচ্চতম ন্যায়ালয়ৰ এ অ' আৰ পৰীক্ষাত স্থান লাভ#

nagao

ৱাহিদুদ জামান,নগাঁও, ৪ এপ্ৰিল : ভাৰতবৰ্ষষৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা অনুষ্ঠিত এডভকেটছ অন ৰেকৰ্ড(এ অ' আৰ) পৰীক্ষাত উত্তীৰ্ণ হৈ অসমৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে আদিল আহমেদ ওৰফে ৰাজাই। অলপতে ঘোষিত ফলাফল অনুসৰি, উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়নভুক্ত অধিবক্তা হিচাপে স্বীকৃতি আৰু যোগ্যতা লাভৰ বাবে অনুষ্ঠিত এই লিখিত পৰীক্ষাত উচ্চতম ন্যায়ালয়ত পাঁচ বছৰ কাল অধিবক্তা হিচাপে কামৰ কৰাৰ অভিজ্ঞতা থকা দেশৰ প্ৰায় এঘাৰশ(১১০০) গৰাকী অধিবক্তাই অৱতীৰ্ণ হৈছিল যদিও ১০৯ গৰাকীয়েহে উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত আদিল আহমেদ‌ও আছে। উল্লেখ্য যে আহমেদ নগাঁও চহৰৰ ঢাকাপট্টি মছজিদ ৰোডৰ নিবাসী সৰকাৰ গিয়াছ উদ্দিন আহমেদ আৰু চালেহা বেগমৰ একমাত্ৰ পুত্ৰ। ২০১১ চনত বেংগালুৰস্থ কে এল ই চ'ছাইটিছ আইন মহাবিদ্যালয়ৰ পৰা সুক্ষাতিৰে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন বেংগালুৰ উচ্চ ন্যায়ালয়ত কাম কৰিছিল তেওঁ। পৰৱৰ্তী সময়ৰে পৰা তেওঁ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত কনিষ্ঠ অধিবক্তা হিচাপে কাম কৰি আহিছে। মাত্ৰ ৩২ বছৰীয়া আদিল আহমেদৰ এনে কৃতৃত্ব‌ই স্বাভাৱিকতে নগাঁওবাসীক উৎফুল্লিত কৰি তুলিছে।

Your Comments