মন্ত্ৰী হিমন্তৰ মানহানি গোচৰত এমাহৰ কাৰাদণ্ড কাকতৰ সম্পাদকক

kristi

মন্ত্ৰীয়ে এইবাৰ নাকী লগালে এজন সাংবাদিকক। বিষয় ২০১০ চনৰ এটা বাতৰি। ২০১০ চনৰ জুন মাহৰ ২০ তাৰিখৰ পৰা ২০১৯ চনৰ মাৰ্চ মাহৰ ২০ তাৰিখলৈকে চলিল বিচাৰ প্ৰক্ৰিয়া। তাৰ পিছত ৰায়দান। মন্ত্ৰীজন অসমৰ প্ৰতাপশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু সাংবাদিকজন এখন ব্যক্তিগত কাকতৰ সম্পাদক। তাৰে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে গুৱাহাটী টাউন ক্লাত এখনি সংবাদমেলৰ আয়োজন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধিবক্তা দেৱজিৎ শইকীয়াই ।

অধিবক্তা দেৱজিৎ শইকীয়াই উল্লেখ কৰে যে "২০১০ চনৰ ২০ জুন তাৰিখে এখনি কাকতত এটা বাতৰি প্ৰকাশ পাইছিল। বাতৰিটো আছিল এনেধৰণৰ যে অখিল গগৈয়ে এখন সংবাদমেলত কৈছিল যে হিমন্ত বিশ্ব শৰ্মাক আৰ এইচ খানে এখনি বিলাসী গাড়ী উপহাৰ দিছিল। সেই বাতৰিটোৰ আধাৰতে কাকতখনৰ সম্পাদকগৰাকীৰ ওপৰত মানহানিৰ গোচৰ ৰুজু কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। সেই গোচৰৰ ভিত্তিতে ২০ তাৰিখে এমাহৰ কাৰাদণ্ডৰ ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে৷”

Your Comments