মাজুলীত নিৰ্বাচন বিভাগৰ পঞ্চায়তে পঞ্চায়তে মহিলাক লৈ সজাগতা সভা

মাজুলীত নিৰ্বাচন বিভাগৰ পঞ্চায়তে পঞ্চায়তে মহিলাক লৈ সজাগতা সভা

১৪নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৯নং মাজুলী বিধানসভা সমষ্টিক সামৰি থকা মাজুলী জিলাত অহা ১১ এপ্ৰিলত হ'বলগা ভোটদান প্ৰক্ৰিয়াত নদীদ্বীপ জিলাখনৰ মহিলাসকলৰো ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ জোৰদাৰ প্ৰয়াস চলাইছে মাজুলী জিলা নিৰ্বাচন বিভাগে। জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ প্ৰতিখনতে মহিলা ভোটাৰসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ লগতে ভাৰতীয় গণতন্ত্ৰৰ মহত্ব সম্পৰ্কে অৱগত কৰি নিৰ্বাচনৰ দিনা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰলৈ দলে-বলে ওলাই অহাৰ বাবে উৎসাহী কৰাৰ লক্ষ্যৰে যোৱা ২০ মাৰ্চৰ পৰা বিশেষ অভিযান চলোৱা হৈছে।

ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াৰ নিৰ্দেশত জিলা নিৰ্বাচন বিভাগে অসম ৰাজ্যিক গ্ৰামীণ আজীৱিকা অভিযান (এএছআৰএলএম)ৰ মাজুলীৰ দুয়োটা উন্নয়ন খণ্ড পৰ্যায়ৰ গোটৰ সহযোগত গাঁৱে গাঁৱে এইবাৰৰ লোকসভা নিৰ্বাচনক লৈ মহিলা সজাগতা বৃদ্ধিৰ বাবে চলোৱা এই অভিযানক পঞ্চায়ত এলেকাসমূহত নেতৃত্ব দিব পৰাকৈ ইতিমধ্যে ২০গৰাকী 'চন্দ্ৰপ্ৰভা' নিয়োজিত কৰা হৈছে। প্ৰতিটো পঞ্চায়ত এলেকাতে এএছআৰএলএমৰ স্থানীয় আজীৱিকা-সখীক 'চন্দ্ৰপ্ৰভা' নামেৰে অভিহিত কৰি এই অভিযানৰ প্ৰমুখ প্ৰতিনিধিৰ ভূমিকা গ্ৰহণৰ দায়িত্ব দিছে নিৰ্বাচন বিভাগে।

মাজুলীৰ জিলা নিৰ্বাচন বিভাগৰ তত্ত্বাৱধানত উজনি মাজুলী আৰু মাজুলী উন্নয়ন খণ্ডৰ আজীৱিকা ব্যৱস্থাপনা গোটে ইতিমধ্যে ভোটকেন্দ্ৰত ইভিএম-ভিভিপেট যন্ত্ৰৰ ব্যৱহাৰ কৰি ভোটদান ব্যৱস্থাকে ধৰি নিৰ্বাচনৰ বিভিন্ন দিশ, ভোটাধিকাৰেৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ ক্ষেত্ৰত নাগৰিকৰ দায়িত্ব আৰু এইক্ষেত্ৰত পুৰুষৰ লগতে মহিলাৰো সম-অংশীদাৰিত্বৰ গুৰুত্ব তথা প্ৰয়োজনীয়তা আদিৰ বিষয়ে গাঁৱৰ মহিলাসকলক সজাগ কৰিব পৰাকৈ এই চন্দ্ৰপ্ৰভাসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

এই প্ৰশিক্ষণ গ্ৰহণৰ পাছতে চন্দ্ৰপ্ৰভাসকলে যোৱা ২০ মাৰ্চৰ পৰা নিজ নিজ এলেকাত মহিলাসকলক লৈ ইখনৰ পাছত সিখনকৈ 'আইদেউৰ চ'ৰা' শীৰ্ষক সজাগতামূলক সভা অনুষ্ঠিত কৰি এই অভিযান আগবঢ়াই নিছে। আজিলৈকে ৰাৱনাপাৰ, আঁহতগুৰি, দক্ষিণ আঁহতগুৰি, দক্ষিণ কমলাবাৰী, কৰতিপাৰ, বনগাঁও, দক্ষিণ পাট, চিলাকলা আৰু গড়মূৰ পঞ্চায়ত এলেকাত মুঠ ২২খন আইদেউৰ চ'ৰা অনুষ্ঠিত কৰিছে সংশ্লিষ্ট পঞ্চায়ত এলেকাৰ দায়িত্বত থকা চন্দ্ৰপ্ৰভাসকলে।

অহা ৮ এপ্ৰিল পৰ্যন্ত জিলাখনৰ আটাইকেইখন পঞ্চায়ত এলেকাক সামৰি মুঠ ১১০খন আইদেউৰ চ'ৰাৰ লগতে মহিলাসকলক লৈ ১০টা আকৰ্ষণীয় শোভাযাত্ৰাও উলিয়াই চন্দ্ৰপ্ৰভাসকলে মাজুলীৰ পঞ্চায়তে পঞ্চায়তে মহিলা ভোটাৰসকলক সজাগ কৰাৰ লগতে ব্যাপক হাৰত ভোটদানৰ বাবে ভোটকেন্দ্ৰলৈ ওলাই আহিবলৈ উদ্বুদ্ধ কৰিব। কমলাবাৰী আৰু দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়ত দুখনৰ মহিলাসকলক লৈ অহা ২৭ মাৰ্চত কমলাবাৰী চাৰিআলিত ইয়াৰে প্ৰথমটো শোভাযাত্ৰা উলিওৱা হ'ব।

Your Comments