মাজুলীৰ দুৰ্গম ভোট কেন্দ্ৰত ভোট গ্ৰহণৰ ব্যৱস্থাৱলীক লৈ ৰাজনৈতিক দলৰে উপায়ুক্তৰে বৈঠক 

তক্ক

সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ পৰ্বৰ বাবে ১৪নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী জিলাৰ দূৰণীবটীয়া তথা দুৰ্গম ভোটকেন্দ্ৰসমূহলৈ আগতীয়াকৈ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দল প্ৰেৰণৰ বিধিগত ব্যৱস্থাৱলী সন্দৰ্ভত আজি মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে এখন বৈঠকত মিলিত হয় জিলা নিৰ্বাচন বিভাগ।

মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱপ্ৰসাদ মিশ্ৰৰ লগতে আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, নিৰ্বাচন বিষয়া মগেন নৰহ আৰু ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মাই বৈঠকত জিলা প্ৰশাসন তথা নিৰ্বাচন বিভাগৰ হৈ অংশগ্ৰহণ কৰে। বিজেপি, কংগ্ৰেছ, অগপ, সন্মিলিত গণশক্তি আৰু চিপিআইএমৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এই বৈঠকত উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মিশ্ৰ আৰু ৰাজহ চক্ৰ বিষয়া শৰ্মাই মাজুলীৰ মূল ভূখণ্ডৰ পৰা ব্ৰহ্মপুত্ৰই নিলগাই ৰখা আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকা দুটাই সামৰা ১৫টা ভোটকেন্দ্ৰলৈ আগতীয়াকৈ সুকলমে ভোট গ্ৰহণকাৰী দল প্ৰেৰণৰ বাবে নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি লোৱা ব্যৱস্থাৱলীৰ বিষয়ে ৰাজনৈতিক দলসমূহক অৱগত কৰে।

এইক্ষেত্ৰত জিলা নিৰ্বাচন বিভাগে লোৱা সিদ্ধান্ত আৰু কাৰ্যব্যৱস্থালৈ দলীয় প্ৰতিনিধিসকলে পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে মাজুলীৰ ঐতিহ্য আৰু গৰিমা ৰক্ষা কৰি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু সুনিয়াৰিকৈ এই নিৰ্বাচন সম্পন্ন কৰাত জিলা প্ৰশাসন তথা জিলা নিৰ্বাচন বিভাগক সকলো ধৰণৰ সহযোগিতা আগঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Your Comments