জুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী আবু নছৰ ৱাহিদৰ মৃত্যু

wahid

জুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী, সুদক্ষ ফুটবল খেলুৱৈ তথা বন বিভাগৰ কৰ্মচাৰী আবু নছৰ ৱাহিদৰ বৃহস্পতিবাৰে মৃত্যু হয় ৷বিগত কিছুদিন ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।ৱাহিদৰ  গুৱাহাটীৰ এখন চিকিৎসালয়ত ৫৭ বছৰ বয়সত মৃত্যু হয় ৷ তেওঁৰ মৃত্যুত জুৰীয়াত  শোকৰ ছাঁ  পৰে৷জুৰীয়াৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ৱাহিদৰ পিতৃ আবু নছৰ ৱাহিদৰ মৃত্যুত জুৰীয়া প্ৰেছ ক্লাব,জুৰীয়া নিউ মিলন ক্লাব , ৰূপহীহাট মিডিয়া চেল, ৰূপহী আঞ্চলিক ছাত্ৰ সন্থা , আমছু,ৰূপহী ইলেক্ট্ৰনিক মিডিয়াকে আদি কৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

জুৰীয়াৰ পৰা উত্তম বৰা

Your Comments