মাজুলীৰ জলন্ত সমস্যাৰ সমাধানত ব্যৰ্থ সাংসদ প্ৰদান বৰুৱা

p barua

সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীৰ জলন্ত সমস্যাৰাজি সমাধানৰ দিশত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সাংসদ প্ৰদান বৰুৱা । এই অভিযোগ উথাপন কৰি মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মাই কয় মাজুলীৰ বিভিন্ন জলন্ত সমস্যাসমূহ পৰিৱৰ্তনৰ শ্লোগান লৈ কংগ্ৰেছক ক্ষমতাচু্ত কৰি ক্ষমতাৰ বাঘজৰীত অধিষ্ঠিত হৈছিল বিজেপি দল । ষাঠি বছৰীয়া কাৰ্যকালত ৰাইজৰ সমস্যা সমাধানত ব্যৰ্থ কংগ্ৰেছৰ বিকল্প চৰকাৰ হিচাপে বিজেপি দলে ক্ষমতাত আহিলে মাত্ৰ ষাঠি দিনত ৰাইজৰ জলন্ত সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দি যোৱাটো লোকসভা নিৰ্বাচনত ভোট বিচৰা এইখন বিজেপি চৰকাৰে ইতিপূৰ্বে পাঁচটা বছৰীয়া এটা কাৰ্যকাল সম্পূৰ্ণ কৰিলে ।

এতিয়া পুনৰ আসন্ন ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি দলে বিভিন্ন শ্লোগান লৈ সাজু হৈছে ভোটাৰ ৰাইজৰ মাজতলৈ ভোট বিছাৰি যাবৰ বাবে । ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্বাচনী দিন ঘোষণাৰ লগে লগে অসমৰ লগতে মাজুলীৰ ভোটাৰ ৰাইজে বিজেপি দলৰ বিগত কামকাজৰ ওপৰত সুক্ষ্মভাৱে পৰ্যালোচনা কৰি হিচাব নিকাচ আৰম্ভ কৰিছে ৷ সম্পাদকগৰাকী লগতে কয় বিজেপি চৰকাৰখনে মাজুলীৰ ৰাস্তা ঘাটৰ কিছু উন্নতি কৰিলে যদিও যোৱা নিৰ্বাচনৰ মূল ইচ্ছু মাজুলী-যোৰহাট সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত পকী দলং নিৰ্মাণৰ কাম আধাৰশিলা কৰিয়েই দায়িত্ব সামৰিলে। দলং নিৰ্মাণ দুৰৈৰ কথা আজিপৰ্যন্ত ডি পি আৰৰ কাম সম্পূৰ্ণ নহ’ল ৷ সেইক্ষেত্ৰত ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ স্থানীয় সাংসদ প্ৰদান বৰুৱাই কেন্দ্ৰৰ ওচৰত হেঁচা প্ৰয়োগ কাম কৰাৰ বিপৰীতে নীৰৱ ভূমিকা পালন কৰিলে ৷

এই কাৰ্যই সাংসদগৰাকীৰ চৰম ব্যৰ্থকে সূচাইছে ৷ সমান্তৰালভাৱে দশক দশক ধৰি মাজুলীৰ বান গড়াখহনীয়া সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থ হৈছে বিজেপি নেতৃত্বতাধীন কেন্দ্ৰীয় চৰকাৰখনে । এচপৰা ভূমি ব্ৰহ্মপুত্ৰ খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ বোৰ্ডে । ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াত পতিত হোৱা প্ৰায় দহ হেজাৰ বৰ্ন্যাতসকল পুনৰ সংস্হাপনৰ অভাৱত বৰ্তমানেও ৰাজপথতে অঘৰীৰ দৰে জীৱন-যাপন কৰিব লগা হৈছে । কেৱল মাত্ৰ মাজুলীৰ ৰাইজক লৈ এই বিষয়সমূহত বোকা ছটিওৱাৰ ৰাজনীতি কৰিলে ৷

আনহাতে সদৌ অসম ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ সভাপতি সূৰ্য্য কুমাৰ ভূঞাই কয় প্ৰদান বৰুৱাই এজন সাংসদ হিচাপে ৰাইজৰ সমস্যা সন্দৰ্ভত সংসদত সম্পূৰ্ণ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে ৷ কিন্তু লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ সংসদত ভূমিকা শূন্য ৷ কোনো ধৰণৰ সমস্যাক লৈ সৰৱ নহয় ৷ কেৱল সভা সমিতিত বক্তব্য ৰাখিলেই ৰাইজৰ সমস্যা সমাধান নহয় বুলিও সুৱৰাই দিছে সাংসদ বৰুৱাক । বিজেপিয়ে যোৱা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অসমবাসীৰ ক্ষেত্ৰত কাৰ্যক্ষেত্ৰলৈ ৰূপায়ণ কৰিব নোৱাৰিলে ৷

বৰঞ্চ তেওঁলোকে শাসন কালত খিলঞ্জীয়া বিৰোধী কামকাজত লিপ্ত হ’ল ৷ অসমৰ সৰ্বস্তৰত আন্দোলন হ’ল ৷ সেয়ে তেওঁলোকক ৰাইজে কিমান দূৰ আঁকোৱালি ল’ব সেয়া সন্দেহজনক ৷ যাতায়াত আৰু আন্ত:গাঠনি উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে যদিও আচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি লিপ্ত হৈছে ৷ লগতে সভাপতিগৰাকীয়ে কয়  শিক্ষা, স্বাস্থ্য সমস্যাৰ পৰিৱৰ্তন একোৱেই নহ'ল । মাজুলীত পলিটেকনিক, সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাম আধাৰশিলাতেই সমাপ্ত ৰ’ল ৷

উজনি মাজুলীৰ শ্ৰীৰাম দেবোত্তৰত নিৰ্মীয়মাণ “আয়ুৰ্বেদিক চিকিৎসালয়ৰ প্ৰাককলনমতে এতিয়ালৈকে কাম কৰিবলৈ ঠিকাদাৰক বাধ্য কৰিব নোৱাৰিলে ৷ যাৰ ফলত বৰ্তমান আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ প্ৰশাসন বাধ্য হ’ল ৷ এগৰাকী সাংসদে মাজুলীৰ জলন্ত সমস্যাৰ সমাধানত চূড়ান্ত ব্যৰ্থ হোৱাৰ পিছতো ২০১৯ৰ আসন্ন লোকসভা নিৰ্বাচনত দলটোৰ পৰা পুনৰ টিকটৰ দাবীদাৰ হৈ উঠাটো সাধাৰণ ভোটাৰ ৰাইজৰ বাবে নুবুজা সাঁথৰ ।

Your Comments