মাজুলীত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ, প্ৰথম দিনাই আঁতৰালে ১৬৭ ৰাজনৈতিক বেনাৰ-হ'ৰ্ডিং-পোষ্টাৰ

lok sabha_election

ভাৰতৰ নিৰ্বাচন আয়োগে সপ্তদশ লোকসভা নিৰ্বাচনৰ সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৯নং মাজুলী এছ টি বিধানসভা সমষ্টি তথা মাজুলী জিলাত তাৎক্ষণিকভাৱে নিৰ্বাচনীৰ আদৰ্শ আচৰণ বিধি কঠোৰভাৱে বলৱৎ কৰাৰ ব্যৱস্থা লৈছে জিলা প্ৰশাসনে।

মাজুলীৰ জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ নিৰ্দেশত মাজুলীৰ বিভিন্ন চৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠান, চৰকাৰী সম্পত্তি তথা ৰাজহুৱা স্থানৰ পৰা ৰাজনৈতিক হ'ৰ্ডিং, বেনাৰ, পোষ্টাৰ আৰু দেৱাল লিখন আঁতৰোৱাৰ জোৰদাৰ অভিযান আৰম্ভ কৰিছে আদৰ্শ আচৰণ বিধি কোষে।

মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মাৰ নেতৃত্বত গঠিত আদৰ্শ আচৰণ বিধি কোষে আজি প্ৰথম দিনাই জিলাখনৰ প্ৰধান এলেকাসমূহত এনে ৰাজনৈতিক হ'ৰ্ডিং, বেনাৰ, পোষ্টাৰ আঁতৰোৱাৰ লগতে চৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠানৰ চৌহদ আৰু বৈদ্যুতিক খুঁটা আদিত থকা ৰাজনৈতিক দলৰ শ্লোগান তথা দেৱাল লিখন মচি পেলোৱাৰ অভিযান চলোৱা হয়।

আদৰ্শ আচৰণ বিধি বলৱৎকাৰী কেইবাটাও দলে ভাগে-ভাগে গড়মূৰ, কমলাবাৰী, বালিচাপৰি, কৰতিপাৰ, বনগাঁও, ৰাওনাপাৰ, ফুলনি, জেংৰাইমুখ আৰু নয়াবজাৰ এলেকাত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অভিযান চলাই ২৮ খন হ'ৰ্ডিং, ১০৮খন পোষ্টাৰ, ৩১খন বেনাৰ আঁতৰোৱাৰ লগতে ১১২টা স্থানত থকা দেৱাল লিখন মচি দিয়ে।

Your Comments