বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক চৰকাৰে হাৰাশাস্তি কৰা বন্ধ কৰক : এবি এমছু 

বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক চৰকাৰে হাৰাশাস্তি কৰা বন্ধ কৰক : এবি এমছু 

আজি আবেলি ৪ বজাত তামুলপুৰ প্ৰেছ ক্লাবত তামুলপুৰ জিলা এবি এমছুৱে এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত এবি এমছুৰ সভাপতি টাইচন হুছেইনে বিদেশী ন্যায়াধীশকৰণ, অসম চৰকাৰ আৰু সংখ্যালঘূ বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক তীব্ৰ  সমলোচনা কৰে। সীমান্ত আৰক্ষীৰ নাভূত-নাশ্ৰুত কাণ্ডৰ প্ৰতি জাঙুৰ খাই উঠে তামুলপুৰ জিলা এবি এমছু। সংবাদমেলত তেওঁলোকে উল্লেখ কৰে যে ভাৰতীয় নাগৰিকক বিদেশী সজোৱাত ব্যস্ত সীমান্ত আৰক্ষী। তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ নিবাসী চৈয়দ চৌৰাফ আলীক ২০১৭ চনৰ পৰা তিনিবাৰকৈ বিদেশী ন্যায়াধিকৰণে জাননী প্ৰেৰণ কৰে।

২০১৭ চনত প্ৰথমবাৰৰ বাবে চৈয়দ চৌৰাফ আলীক বিদেশী লোক বুলি জাননী প্ৰেৰণ কৰাৰ পিছত আদালতৰ দ্বাৰস্থ হৈ ভাৰতীয় নাগৰীকৰ প্ৰমাণ-পত্ৰ লাভ কৰে। ইয়াৰ পিছত ২০১৮ চনত এই একেজন ব্যক্তিকে পুনৰ বিদেশী বুলি জাননী প্ৰেৰণ কৰাত দ্বিতীয়বাৰৰ বাবে আদালতৰ দ্বাৰস্থ হৈ পুনৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ লাভ কৰে। লক্ষণীয় আৰু পৰিতাপৰ বিষয় যে পুনৰ সেই একেজন ব্যক্তিকে ২০১৯ৰ জানুৱাৰী মাহত সীমান্ত আৰক্ষীয়ে বিদেশীৰ জাননী প্ৰেৰণ কৰাত জাঙুৰ খাই উঠিছে ভুক্তভোগী চৈয়দ চৌৰাফ আলী আৰু তামুলপুৰ জিলা এবি এমছু।

আজিৰ এই সংবাদমেলযোগে তামুলপুৰ জিলা এবি এমছুৱে সীমান্ত আৰক্ষী, অসম চৰকাৰ আৰু সংখ্যালঘূ বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক সকীয়াই দিয়ে, যাতে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক এনেদৰে হাৰাশাস্তি দি নাথাকে৷ অন্যথা এবি এমছুৱে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব। লগতে চৰকাৰক প্ৰকৃত ভাৰতীয়ক বিদেশী সজোৱা ষড়যন্তৰ পৰা দূৰৈত থাকি প্ৰকৃত ভাৰতীয়ৰ প্ৰতি আবেগ-অনুভূতিৰ সৈতে খেলা নকৰিবলৈও আহ্বান জনায়।

Your Comments