দেউতাৰ ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধা জনাই দেশ-জাতিৰ সেৱা কৰি যাম : ডিদৗমশ্ৰী বসুমতাৰী

দেউতাৰ ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধা জনাই দেশ-জাতিৰ সেৱা কৰি যাম : ডিদৗমশ্ৰী বসুমতাৰী

" দেউতাই দেশ আৰু জাতিৰ হকে আত্মবলিদান দি যি গৌৰৱ কঢ়িয়াই আনিবৰৈ সক্ষম হ’ল, সেই গৌৰৱ মই কেতিয়াও হেৰুৱাব নখোজো৷ বৰঞ্চ দুগুণ উৎসাহেৰে দেউতাৰ ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধা জনাই দেশ আৰু জাতিৰ হকে সেৱা আগবঢ়ায় যাম৷" এই মন্তব্য যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমাৰ আক্ৰমণত নিহত হোৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী নিবাসী বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ কন্যা ডিদৗমশ্ৰী বসুমতাৰীৰ।

বীৰ ছহিদগৰাকীৰ ত্যাগক শ্ৰদ্ধা জনাই অসম চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছহিদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈ ছহিদগৰাকীৰ পৰিয়ালৰ প্ৰতি সন্মান জনাই কন্যা ডিদৗমশ্ৰী বসুমতাৰীক অসম পৰ্যটন বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়ত সহকাৰী পৰ্যটন তথ্য বিষয়া পদত নিযুক্তি-পত্ৰ দিয়াত বৃহস্পতিবাৰে ছহিদ কন্যাগৰাকীয়ে মাতৃ চানমতি বসুমতাৰী সহিতে আত্মীয়-স্বজনক লগত লৈ গুৱাহাটিৰ পাণবজাৰস্তিত পৰ্যটন বিভাগৰ সহঃসঞ্চালকৰ ওচৰত আনুষ্ঠানিকভাৱে যোগদান কৰি এনেদৰে নিজৰ অনুভৱ প্ৰকাশ কৰে৷

ছহিদগৰাকীৰ পত্নী চানমতি বসুমতাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "অসম চৰকাৰক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু অত্যন্ত সুখী হৈছোঁ৷ মোৰ স্বামীয়ে দেশৰ হকে প্ৰাণআহুতি দিছে৷ মই ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাইজৰ পৰা যি সহায় পাইছোঁ, তাৰবাবে মই স্বামীহাৰা হ'লেও সেয়া মোক কোনোৱে অনুভৱ কৰিব দিয়া নাই৷ মই মোৰ জীয়াৰীক কৈছোঁ যে তই দেউতাৰাৰ আত্মবলিদানক সদায় মনত পেলাই দেউতাৰাৰ আদৰ্শ আগত ৰাখি সৎ সাহসেৰে সদায় ৰাইজৰ সেৱা কৰি যাবি৷ যাতে তোৰ আদৰ্শগত কামৰ মাজেৰে দেউতাৰাৰ আত্মাই চিৰশান্তি লাভ কৰে৷ ৰাইজেও সদায় দেউতাৰাৰ আত্মবলিদানক সোঁৱৰণ কৰি থাকে৷" 

Your Comments