লখিমপুৰত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা অনুষ্ঠানত মন্ত্ৰী হিমন্ত

লখিমপুৰত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা অনুষ্ঠানত মন্ত্ৰী হিমন্ত

আগন্তুক লোকসভা নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনালৈ মাজত মাথোঁ তিনিদিন বাকী থকা সময়ত মাৰাথন আধাৰশিলা অনুষ্ঠানৰ বাবে আজি দুঘণ্টা পলমকৈ লখিমপুৰত উপস্থিত হৈ ৰাইজক ধাৰাষাৰ বৰষুণত ৰাখিয়েই ভাষণ ৰাখিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰ জিলাৰ পুব তেলাহী গাঁও পঞ্চায়তৰ জেংৰাই শিঙিমাৰীত বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা অনুষ্ঠানৰ বাবে দিনৰ দুই বজাত উপস্থিত হোৱাৰ কথা আছিল। পিচে ৩.৪৮ বজাতহে বিশেষ বিমানেৰে জোনাইৰ পৰা আহি উপস্থিত হৈ বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷

ইয়াৰ ভিতৰত ক্ৰমে চলিচুক মহৰা চাপৰি পকী কালভাৰ্ট ৯৫.৩১৪৬৪ লাখ টকা, বেবেজীয়া চাৰিআলিৰ পৰা শিঙিমাৰী ঘাটলৈ পথ মেৰামতি ৫০.০০ লাখ টকা, চলিচুকৰ পৰা ডাম্বুকীয়াল মৰা সোৱণশিৰিৰ ওপৰত কাঠৰ দলং ১৯৩.২২ লাখ টকা আৰু শিঙিমাৰী মৰা সোৱণশিৰি নদীৰ ওপৰত কাঠৰ দলং ২১৬.৪৭ লাখ টকাৰ বিভিন্ন আঁচনি আনুষ্ঠানিকভাৱে ৰাজ্যৰ বিত্ত, গড়কাপ্তানি আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্হাপন কৰে। সেই উপলক্ষে অনুষ্ঠিত জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰী শৰ্মাই কয়- বগীবিল, শৰাইঘাটৰ ওপৰত দ্বিতীয়খন দলং, ধলা-শদিয়া আদি তিনিখনকৈ দলং মাত্ৰ ৫ বছৰত প্ৰধান মন্ত্ৰী মোডী ডাঙৰীয়াই নিৰ্মাণ কৰিলে।

লখিমপুৰত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা অনুষ্ঠানত মন্ত্ৰী হিমন্ত

লগতে কলিয়া-ভোমোৰাৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কাম তীব্র গতিত চলি থকাৰ বিপৰীতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং আৰু ধুবুৰী আৰু দক্ষিণ শালমাৰা সংযোগী দলং নিৰ্মাণৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় কেবিনেটে। তদুপৰি, অসমৰ বাবে পাঁচ হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ উন্নয়নৰ বাবে অনুমোদন কৰি ইতিমধ্যে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথৰ নিৰ্মাণকাৰ্য চলি আছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। এই সকলোবোৰ কেৱল মোডী ডাঙৰীয়াৰ সবল নেতৃত্বত সম্ভৱপৰ হৈ উঠা বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় উজ্বলা যোজনা, বিজুলী যোগান, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ দৰে ভাৰতৰ সূদুৰপ্ৰসাৰী আঁচনি ৰূপায়ণ কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে।

শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া নামভৰ্তি, কিতাপ, সাজ-পোছাক আদি অভিলাষী আঁচনি বিজেপি চৰকাৰৰ কাৰ্যকালত সম্ভৱ হৈ উঠাৰ কথা উল্লেখ কৰি মন্ত্ৰী শৰ্মাই চলিত বছৰৰ পৰা স্নাতক মহলাৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া কিতাপ আৰু নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ সাজপাৰ বিনামূলীয়াকৈ যোগান ধৰাৰ কথা ঘোষণা কৰে। লগতে হোষ্টেলত থাকি পঢ়া-শুনা কৰা শিক্ষাৰ্থীক মাহে সাতশ টকাকৈ মেচ ডিউজ দিয়াৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ সূতা-কম্বল আঁচনিৰ বিপৰীতে অটল অমৃত অভিযান, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগসকলৰ পেঞ্চন, এক টকাৰ চাউল, প্ৰণাম আঁচনি, নতুনকৈ স্বামীৰ মৃত্যু হোৱা বিধৱালৈ এককালীন ২৫ হেজাৰ টকা, আত্মসহায়ক গোটলৈ সাহায্য দিয়া আদি বিভিন্ন আঁচনি ৰাইজৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা বুলি কয়।

লখিমপুৰত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা অনুষ্ঠানত মন্ত্ৰী হিমন্ত

এনে পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰক সহায় কৰিবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰী শৰ্মাই। মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিজু কুমাৰ পেগুৱে আঁতধৰা অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আদিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ধেমাজি বিধায়ক ডঃ ৰণোজ পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, কাৰ্যবাহী সদস্য ইন্দিৰা কুম্বাং, দেৱৰঞ্জন মৰাং, জিলা পৰিষদ সদস্য বিচিত্ৰা দলে, তেলাহী ব্লকৰ সভানেত্ৰী শ্বৰ্মিলা পেগু আদিকে বিভিন্ন বিশিষ্ট বক্তি উপস্থিত থাকে।

Your Comments