কামৰূপ জিলা বাস্কেটবল সন্থাই বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলখনত কামৰূপ জিলা বাস্কেটবল সন্থা আৰু অসম বাস্কেটবল সন্থাৰ যুটীয়া প্ৰচেষ্টাত ৫ আগষ্ট, দেওবাৰে পুৱা ৯.৩০ বজাৰ পৰা নেহেৰু ষ্টেডিয়ামত ৰক্তদান শিবিৰৰ আয়োজন কৰাৰ কথা সদৰী কৰে । তেওঁলোকে কয় যে বাহিৰৰ দেশবোৰত সকলো লোকে ৰক্তদান কৰে । কিন্তু অসমৰ বহুতো লোকে এতিয়াও ৰক্তদান কৰিবলৈ ভয় কৰে । যাৰ কাৰণে অসমত সদায় তেজৰ অভাৱ দেখা যায় । ইয়াৰ বাবেই কামৰূপ বাস্কেটবল আৰু অসম বাস্কেটবল সন্থাই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক আৰু বিভিন্ন ৰোগীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে । সংবাদমেলত সন্থাৰ উপদেষ্টা লক্ষী গোস্বামী, সভাপতি যাদৱ ডেকা, প্ৰাক্তন খেলুৱৈ আৰু সম্পাদিকা প্ৰণামী দলে, প্ৰাক্তন খেলুৱৈ ৰাজকুমাৰ দাস উপস্থিত থাকে ।
- Log in to post comments
- 10 views