দেশত ২৭৭খন ভুৱা অভিযান্ত্ৰিক মহাবিদ্যালয়

দেশত ২৭৭খন ভুৱা অভিযান্ত্ৰিক মহাবিদ্যালয়

মমতা বেনাৰ্জীৰ পশ্চিমবঙ্গত ২৭খন ভুৱা অভিযান্ত্ৰিক প্ৰতিষ্ঠান আছে ৷ লোকসভাত প্ৰকাশ পায় এই তথ্য৷ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সত্যপাল সিঙে লোকসভাত জনায় যে দেশত ভুৱা অভিযান্ত্ৰিক মহাবিদ্যালয় ভৰি পৰিছে ৷ শিক্ষাক ব্যৱসায় হিচাপে গ্ৰহণ কৰাৰ ফলত উচ্চ শিক্ষাৰ ক্ষেত্ৰখন এক পণ্যৰ বজাৰ হৈ পৰিছে ৷

লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱামতে, দেশত এতিয়া ২৭৭খন ভুৱা অভিযান্ত্ৰিক মহাবিদ্যালয় আছে ৷ দেশৰ ৰাজধানী দিল্লীতেই বেছিসংখ্যক ভুৱা অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ মন্ত্ৰীগৰাকীয়ে লোকসভাত দাখিল কৰা তথ্যমতে, দিল্লীত ৬৬খন ভুৱা অভিযান্ত্ৰিক মহাবিদ্যালয়, দ্বিতীয় স্থানত তেলেংগানাত ৩৫খন আৰু তৃতীয় স্থান ২৭খন লৈ পশ্চিমবঙ্গ৷ ইয়াৰোপৰি কৰ্ণাটকত ২৩খন, উত্তৰ প্ৰদেশত ২২খন, হাৰিয়ানাত ১৮খন, বিহাৰত ১৭খন, মহাৰাষ্ট্ৰত ১৬খন, তামিলনাডুত ১১খন, অন্ধ্ৰত ৭খন, চণ্ডীগড়ত ৭খন, গুজৰাটত ৮খন, ঝাৰখণ্ডত ৪খন, পঞ্জাবত ৫খন, ৰাজস্থানত ৩খন ভুৱা অভিযান্ত্ৰিক মহাবিদ্যালয় আছে ৷

উচ্চ শিক্ষাক লৈ ব্যৱসায় কৰা প্ৰতিষ্ঠানসমূহে শিক্ষাৰ্থীসকলক পণ্যৰ দৰে ব্যৱহাৰ কৰিছে ৷ এনে ব্যৱস্থাৰে শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিছে ৷ সচেতন লোকসকলে আশা কৰে, লোকসভাত উত্থাপন কৰা ভংয়কৰ বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক৷

Your Comments