বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰৰ পৰিয়ালৰ ওচৰত ট্ৰিবিউন পৰিয়াল : দৈনিক ভাস্কৰৰ ১ লাখ টকাৰ সাহায্য

বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰৰ পৰিয়ালৰ ওচৰত ট্ৰিবিউন পৰিয়াল : দৈনিক ভাস্কৰৰ ১ লাখ টকাৰ সাহায্য

বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ গৃহলৈ অনেক গুণমুগ্ধৰ ভিৰ আজিও। আজি পুৱাৰ ভাগত গুৱাহাটীৰ আছাম ট্ৰিবিউন কৰ্তৃপক্ষৰ হৈ অধীক্ষক কৰুণাকান্ত কলিতা আৰু আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ সভাপতি শান্তনভ হাজৰিকা আৰু  সম্পাদক মুগ্ধৰাম কলিতাৰ নেতৃত্বত এটা সজাতী দলে অমৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ গৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰভাৱে সমবেদনা জ্ঞাপন কৰে। ছহিদ পৰিয়ালত উপস্থিত হৈ সজাতী দলটোৱে প্ৰথমে ছহিদজনাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ লগতে পৰিয়ালবৰ্গক ট্ৰিবিউন গোষ্ঠীৰ ফালৰ পৰা স্মাৰক আৰু কেইখনমান গ্ৰন্থৰ টোপোলা অৰ্পণ কৰে।

সজাতী দলটোত থকা অন্যান্য সদস্যসকল আছিল সাংগঠনিক সম্পাদিকা অণিমা দাস, টংকেশ্বৰ কাকতি, উৎপল কৰ্মকাৰ আৰু পংকজ বৰঠাকুৰ। ইপিনে পুৱাৰ ভাগত ভাৰতৰ বহুল প্ৰচাৰিত দৈনিক ভাস্কৰ গ্ৰুপৰ ফালৰ পৰা সাংবাদিক সুদীপ্ত ঘোষসহ এটি সজাতী দলে আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ হাতত দৈনিক ভাষ্কৰ গ্ৰুপৰ তৰফৰ পৰা ১ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

Your Comments