বিতৰ্কৰ সৃষ্টি কৰিছে ত্ৰিপুৰাৰ ৰাজ্যপালে

বিতৰ্কৰ সৃষ্টি কৰিছে ত্ৰিপুৰাৰ ৰাজ্যপালে

সংসদৰ ভিতৰে-বাহিৰে অসমৰ নাগৰিকপঞ্জীক লৈ বিতৰ্ক তুংগত থকা সময়তে অন্য এক বিতৰ্কৰ সৃষ্টি কৰিছে ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰায়ে৷ সংবিধান ৰক্ষক ৰাজ্যপাল এগৰাকীয়ে নাগৰিকত্বক লৈ দুটা দৃষ্টিভঙ্গী গ্ৰহণ কৰাটোক লৈ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

বাংলাদেশৰ পৰা অত্যাচাৰৰ ফলত অহাসকলহে শৰণাৰ্থী, সংস্থাপনৰ আশাত ভাৰতলৈ অহাসকল শৰণাৰ্থী নহয়৷ এই প্ৰসঙ্গ মুকলিভাৱে উত্থাপন কৰি ত্ৰিপুৰাৰ ৰাজ্যপালগৰাকীয়ে কয়- ‘বাংলাদেশৰ পৰা হিন্দুসকলহে অত্যাচাৰৰ সন্মুখীন হৈ ভাৰতলৈ আহিছে৷

এইসকল কেতিয়াও অবৈধ অনুপ্ৰৱেশকাৰী নহয়৷ বাংলাদেশী মুছলিমসকল বাংলাদেশত অত্যাচাৰৰ সন্মুখীন হোৱা নাই৷ তেওঁলোকে নিয়োগৰ স্বাৰ্থত, সংস্থাপনৰ আশাত ভাৰতলৈ আহিছে৷ এই মুছলমান বাংলাদেশীসকলহে অবৈধ অনুপ্ৰৱেশকাৰী৷'


সংবিধান ৰক্ষক এগৰাকীয়ে নাগৰিকত্বৰ বিষয়টো সাম্প্ৰদায়িক দৃষ্টিভঙ্গীৰে বিবেচনা কৰাত সচেতন লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত ৰাজ্যপালসকলে কাম কৰিবলৈ গৈ সংবিধানৰ ধৰ্মনিৰপেক্ষতাক আঘাত কৰিব যোৱাটো সচেতন নাগৰিকসকলে সহজভাৱে গ্ৰহণ কৰা নাই৷ ৰাজ্যপালসকল ৰাজনীতিৰ ঊৰ্ধ্বত থকাটো সচেতন মহলে আশা কৰে৷
 

Your Comments