মমতা-শিলাদিত্যৰ বক্তব্যত ক্ষোভ বিধায়ক জাকিৰৰ 

মমতা-শিলাদিত্যৰ বক্তব্যত ক্ষোভ বিধায়ক জাকিৰৰ 

সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে আজি সমষ্টিটোৰ ১২টাকৈ এন আৰ চি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কৰি সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে বিয়লিৰ ভাগত মাজদিয়া এন আৰ চি সহায়ক কেন্দ্ৰত উপস্থিত হৈ স্থানীয় ৰাইজৰ স'তে মত বিনিময় কৰে ।

প্ৰতিটো পৰিয়ালৰ কমেও এগৰাকী সদস্যক এন আৰ চি সহায়ক কেন্দ্ৰত গৈ চূড়ান্ত খচৰা চাবলৈ তেওঁ আহ্বান জনায় । তেওঁ কয় যে খচৰাত  ফটো, নাম ,বয়স  আদিৰ বিসংগতি ধৰা পৰিছে যিবোৰ অনলাইনত ধৰা নপৰে । এন আৰ চি সন্দৰ্ভত  পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে মমতা বেনাৰ্জীক উত্তেজনা সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।

আনহাতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাকী লগাব পৰা নাই বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতো বাৰাম্বাৰ এনআৰচিৰ ক্ষেত্ৰত বিৰূপ মন্তব্য কৰি অহা শিলাদিত্য দেৱক অসমৰ শান্তিকামী ৰাইজে ভালকৈ বুজি পাইছে বুলি উল্লেখ কৰে সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীয়ে । 

Your Comments