আজিৰে পৰা হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা : সৰ্বমুঠ ৩,৫২,১৪৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

আজিৰে পৰা হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা : সৰ্বমুঠ ৩,৫২,১৪৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা। এইবাৰ মুঠ ৩ লাখ ৫২ হাজাৰ ১৪৩জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ ইয়াৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সংখ্যা ৩,৪২,৭০২গৰাকী আৰু হাই মাদ্ৰাছাৰ ৯,৪৪১গৰাকী। নগাঁও জিলাত সৰ্বাধিক ২৬,০৮০গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে ডিমা হাচাওত সৰ্বনিম্ন ২,৭৫১গৰাকী পৰিক্ষাৰ্থী দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হৈছে৷

সৰ্বমুঠ ৮৫৭টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। উল্লেখ্য যে এইবাৰ মুঠ ১৩গৰাকী দৃষ্টিহীন পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ প্ৰতিটো কেন্দ্ৰতে চিচি টিভি আৰু জামাৰ ব্যধ্যতামূলক কৰা হৈছে৷ আনহাতে, পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা ৫০ মিটাৰ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ উত্তৰ বহীত প্ৰথমবাৰৰ বাবে থাকিব বাৰ কোড৷ পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন আৰু ইলেকট্ৰ'নিক ঘড়ী নিষিদ্ধ কৰা হৈছে৷

Your Comments