কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা : নগাঁৱত ২৪,০৬৬ হাইস্কুল, ১০০৭ হাইমাদ্ৰাছাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব

hslc_exam_nagaon

কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন বিদ্যালয়ৰ মুঠ ২৪,০৬৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পোৱা তথ্য অনুসৰি, কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবিভক্ত নগাঁও জিলাৰ মুঠ ২৪,০৬৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰৰ ১০,৭১৪ গৰাকী পুৰুষ পৰীক্ষাৰ্থী আৰু ১৩,৩৫২ গৰাকী মহিলা পৰীক্ষাৰ্থী আছে।

ইপিনে, কাইলৈৰ পৰাই আৰম্ভ হ'বলগীয়া অসম হাই মাদ্ৰাছাৰ পৰীক্ষাত অবিভক্ত জিলাখনৰ মুঠ ১০০৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইয়াৰে ৩১৬ গৰাকী পুৰুষ পৰীক্ষাৰ্থী আৰু ৬৯১ গৰাকী মহিলা পৰীক্ষাৰ্থী আছে। নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনস্থ অবিভক্ত নগাঁও জিলাত এইবাৰ মুঠ পৰীক্ষা কেন্দ্ৰ ৫৩টা। ইয়াৰ ভিতৰৰ ৪০টা পৰীক্ষা কেন্দ্ৰ নগাঁও জিলাৰ আৰু ১৩টা পৰীক্ষা কেন্দ্ৰ হোজাই জিলাৰ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নগাঁও জিলা শিক্ষা বিভাগে ইতিমধ্যেই সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি মন্তব্য কৰি তুলিছে নগাঁও জিলা শিক্ষা বিভাগে। নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীণ কুমাৰ শৰ্মাই কয় যে পৰীক্ষা কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰে পৰীক্ষা কক্ষত চিচিটিভি কেমেৰা স্হাপন কৰা হৈছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাৰ ভিতৰত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

তাৰোপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ পৰিদৰ্শনৰ দায়িত্ব দণ্ডাধীশ আৰু চক্ৰ-বিষয়াসকলক অৰ্পণ কৰা হৈছে। তেওঁ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষাৰ্থী, অভিভাৱক আৰু স্হানীয় ৰাইজৰো সহযোগিতা কামনা কৰি সমূহ পৰীক্ষাৰ্থীকে পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

আনহাতে, অবিভক্ত নগাঁও জিলাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিছে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, সদৌ অসম ছাত্র সন্হাৰ উপ-সভাপতি মণি মাধৱ মহন্ত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, আমছুৰ নগাঁও জিলা সমিতি, সদৌ নগাঁও জিলা ছাত্র সন্হা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আদিয়ে।

Your Comments