সাংসদ কন্যালৈ দুসপ্তাহৰ জামিন

সাংসদ কন্যালৈ দুসপ্তাহৰ জামিন

অৱশেষত দুই সপ্তাহৰ বাবে জামিন মঞ্জুৰ হ'ল সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাৰ । এ পি এছ চিৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত পল্লৱীক অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কন্যাক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে সাংসদ পিতৃ আৰ পি শৰ্মাক বৃক্কৰ সংৰোপণৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয়। পিতৃৰ অসুস্থতাৰ হেতু পল্লৱীক দুই সপ্তাহৰ বাবে আজি জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
 

Your Comments