পুৱাই ক'লা পতাকাৰ সন্মুখীন হ'ল প্ৰধান মন্ত্ৰী

পুৱাই ক'লা পতাকাৰ সন্মুখীন হ'ল প্ৰধান মন্ত্ৰী

শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীৰ ক'লা পতাকাৰ সন্মুখীন হোৱাৰ পিছত আজি পুৱা গুৱাহাটীত পুনৰ ক'ল পতাকা প্ৰত্যক্ষ কৰিলে প্ৰধান মন্ত্ৰী মোডীয়ে৷ ডিব্ৰুগড়লৈ যাত্ৰাৰ বাবে ৰাজভৱনৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ মোডীৰ কনভয় গৈ থকা অৱস্থাত মাছখোৱা আৰু জালুকবাৰীত প্ৰতিবাদীয়ে প্ৰদৰ্শন কৰে ক'লা পতাকা৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সদস্যই প্ৰধান মন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শনেৰে বিধেয়কবিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজেও ক'লা পতাকা প্ৰদৰ্শন কৰে৷ ৫জন প্ৰতিবাদী ছাত্ৰক আৰক্ষীয়ে আটক কৰে৷

Your Comments