তামুলপুৰত আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ

তামুলপুৰত আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়ছোৱাতেই ৰঙিয়া-ভূটান পথত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰতিলিপি। ৰাজপথ অচল কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, প্ৰধান মন্ত্ৰী হুঁচিয়াৰ মুখ্য মন্ত্ৰী হুঁচিয়াৰ আদি ধ্বনিৰে উত্তাল কৰি তোলে তামুলপুৰ ঘগ্ৰাচক। প্ৰতিলিপি দাহ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দমন পাটোৱাৰী, সম্পাদক অনুপ কলিতাসহ ছাত্ৰ নেতাসকল উপস্থিত থাকে। ইপিনে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ১২৭ (ডি) ৰঙিয়া ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰতিলিপি দাহ কৰে। ইফালে দক্ষিণ ডেফেলী ছাত্ৰ সন্থাইও সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰতিলিপি  দাহ কৰে।

Your Comments