৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ জিআইএমটিত বিশাল নিয়োগ মেলা

w

ৰাজ্যত নিবনুৱা সমস্যাই গুৰুত্বৰ ৰূপ ধাৰণ কৰাৰ সময়তে নিবনুৱাসকলৰ বাবে এক সুখবৰ। যিসকল কাৰিকৰী প্ৰশিক্ষণ প্ৰাপ্ত ছাত্র-ছাত্ৰীয়েই কাৰিকৰী শিক্ষা সম্পূৰ্ণ কৰি নিয়োগৰ সুবিধা বিচাৰি থকা প্ৰাৰ্থীসকলক সঠিক নিয়োগ প্ৰদান কৰাৰ লক্ষ্যৰে গুৱাহাটী গিৰিজা নন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি (জিআইএমটি) আজৰাস্থিত চৌহদত শিক্ষা প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষয়ে আয়োজন কৰিছে এক বিশাল নিয়োগ মেলা।

৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ জিএমআইটি শিক্ষা প্ৰতিষ্ঠানখনত অনুষ্ঠিত হ'ব এই নিয়োগ মেলাখন। এই নিয়োগ মেলাখনত কর্মসংস্থাপন বৃদ্ধি প্ৰতি লক্ষ্য ৰাখি প্ৰশিক্ষণ কাৰ্যক্ৰম আৰু ২০১৯ চনত উত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ বাবেহে প্ৰযোজ্য হ'ব। যিসকল প্ৰাৰ্থীয়ে ব্যৱসায় সহায়কাৰী (ই-মেইল সহায়ক/প্ৰতিষ্ঠান সহায়ক) প্ৰশিক্ষণপ্ৰাপ্ত সহায়কাৰী, গ্ৰাহক সম্পৰ্ক ৰক্ষী বিষয়া (আন্তৰ্জাতিক পৰ্যায়ত) আৰু প্ৰশিক্ষণ প্ৰাপ্ত স্বাস্থ্য তথ্য বিশ্লেষক হিচাপে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে সেইসকলে এই নিয়োগ মেলাত অংশগ্ৰহণ কৰিব পাৰিব।

উল্লেখযোগ্য যে নিয়োগ মেলাখনৰ প্ৰচাৰত উল্লেখ কৰা অনুসৰি যিসকল প্ৰাৰ্থীয়ে ব্যৱসায় সহায়কাৰী (ই-মেইল সহায়ক) হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰে তেওঁলোকৰ নিম্নতম অভিযান্ত্ৰিক স্নাতক ডিগ্ৰীধাৰী (বিই)হ'ব লাগিব। আনহাতে প্ৰশিক্ষণপ্ৰাপ্ত সহায়কাৰী আৰু প্ৰতিষ্ঠান সহায়কাৰী হিচাপে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকল যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে সাক্ষাৎ কৰাৰ ভিত্তিত বাচনি কৰা হ'ব।

আনহাতে, নিয়োগ মেলাখনত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থীসকলে শেহতীয়া বায় ডাটা, চৰকাৰী আই ডি প্রোফ/আধাৰ কাৰ্ড আৰু ৫ কপি পাছ পোৰ্ট আৰ্হিৰ ফটো লগত লৈ আহিব লাগিব। প্ৰাৰ্থীসকলে eetp.ictacademy.in গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব অথবা অধিক তথ্যৰ বাবে ৭০৮৬০৬৫৫২৫, ৭০০২৫৯১৮৫৯ আৰু ৯৫০০০১৩২৭৯৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।
 

Your Comments