জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী।আজি বিধেয়কখনৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। জাতীয় সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন স্থানত ৰে'লপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰী আৰু বৰপেটাৰোডত ৰে'লপথ অৱৰোধ কৰে প্ৰতিবাদীয়ে। অৱৰোধৰ ফলত আবদ্ধ হৈ পৰে নামনিমুৱা কামৰূপ এক্সপ্ৰেছ।

Your Comments