শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেক সাক্ষাৎ আছু-নেছ'ৰ প্ৰতিনিধিৰ

শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেক সাক্ষাৎ আছু-নেছ'ৰ প্ৰতিনিধিৰ

আজি মুম্বাইত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে আছু আৰু নেছ'ৰ নেতৃবৃন্দই৷ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ তেওঁলোকে থাকৰেক অনুৰোধ জনায়৷ উদ্ধৱ থাকৰেই আছু আৰু নেছ'ৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যসভাত বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি অৱগত কৰে৷

শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেক সাক্ষাৎ আছু-নেছ'ৰ প্ৰতিনিধিৰ

লগতে শিৱসেনাই বিধেয়কখনৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত অন্যান্য দলৰ সমৰ্থন আদায়ৰ বাবেও প্ৰয়াস কৰিব বুলি থাকৰেই উল্লেখ কৰে৷ প্ৰতিনিধি দলটোত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য় উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে নেছ'ৰ নেতৃবৰ্গ৷

Your Comments